ETV Bharat / state

ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং গৰু

author img

By

Published : Aug 14, 2020, 5:41 PM IST

ধুবুৰী আৰক্ষীৰ অভিযানত 97 টা চোৰাং গৰু জব্দ ৷ জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ বৃহৎ দল এটাই নাও লৈ অভিযান চলাই নদী পথৰ পৰা জব্দ কৰে অবৈধ গৰু কেইটা ৷ জব্দকৃত গৰু সমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় কোটি টকা ৷

Illigal Cow Rescue In Assam Duburi
ধুবুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং গৰু

ধুবুৰী, 14 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ গৰুৰ ছিণ্ডিকেট ৷ চোৰাং ব্যবসায়ীয়ে আৰক্ষীৰ চকুত ধুলি মাৰি বালাংদেশলৈ চোৰাং গৰু সৰবৰাহ অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে ধুবুৰী জিলাতো অব্যাহত আছে গৰুৰ ছিণ্ডিকেট ৷

শুকুৰবাৰে পুনৰ ধুবুৰী আৰক্ষীয়ে অভিযান চলাই 97 টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ জিলা উপ-আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ বৃহৎ দল এটাই নাও লৈ অভিযান চলাই নদী পথৰ পৰা জব্দ কৰে অবৈধ গৰু কেইটা ৷ অভিযানৰ সময়ত ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ সীমান্তৱৰ্তী বীৰসিং চৰৰ পৰা দুখন যন্ত্ৰচালিত নাও ভৰ্তি কৰি বৃহৎ পৰিমাণৰ গৰু বাংলাদেশলৈ চালান দিয়াৰ বাবে যাত্ৰা কৰাৰ সময়ত জব্দ কৰে গৰু কেইটা ৷

ইফালে,অভিযান চলোৱাৰ সময়ত চোৰাং ব্যবসায়ীসকলে আৰক্ষীলৈ শিলগুলি নিক্ষেপ কৰাৰ পিচত আৰক্ষীয়ে ব্যবসায়ীলৈ গুলিচালনা কৰে বুলি জানিব পৰা গৈছে ৷ ফলত ব্যবসায়ীসকলে নাওৰ পৰা পানীত জঁপিয়াই পলায়ন কৰিবলৈ সক্ষম হয় ।

আনহাতে, সীমান্তৰ পোৰাৰচৰ গাঁৱৰ হাচেম আলী নামৰ এজন যুৱক আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় বুলিও উল্লেখ কৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । ইপিনে,আহত যুৱকজনৰ পৰিয়ালৰ লোকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে । জব্দকৃত গৰু সমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় কোটি টকা হ'ব বুলি ধাৰণা কৰিছে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে,বিগত কেই বছৰৰ পৰা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰৰ ভাৰত-বাংলাৰ উন্মুক্ত সীমান্তৰে গৰুৰ চোৰাং ছিণ্ডিকেট চলি থকাৰ অভিযোগ উখাপন হৈ আহিছে । বিভিন্ন সময়ত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে এই ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাইছে যদিও গৰুৰ এই ছিণ্ডিকেট বৰ্তমানেও অব্যাহত আছে। ইপিনে,ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ধুবুৰীত যোগদানৰ পিচতেই গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে। যোৱা কেইটা দিনত ধুবুৰী আৰক্ষীয়ে চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : চিৰাঙত বন বিভাগৰ অভিযানত জব্দ 4 খনকৈ কাঠভৰ্তি বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.