ETV Bharat / state

ধুবুৰীত বৃহৎ পৰিমাণৰ সুৰা জব্দ

author img

By

Published : Jun 6, 2021, 10:17 PM IST

দেওবাৰে ধুবুৰীত 7 কাৰ্টন সুৰা জব্দ আৰক্ষীৰ ৷ লক ডাউনৰ সুযোগ লৈ এই অবৈধ সুৰাৰ বটলসমূহ ক’লা বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল এক অসাধু চক্ৰই ৷ অৱশ্যে এই কাৰ্যত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

illegal wine seized in dhubri
ধুবুৰীত সুৰাৰ বটল জব্দ

ধুবুৰী,6 জুন : ধুবুৰীত দেওবাৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে আৰক্ষীয়ে ৷ ধুবুৰী যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চানক্য দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিয়মীয়া তালাচী চলোৱাৰ সময়তে এখন ঠেলাৰ পৰা 7 কাৰ্টন সুৰা জব্দ কৰে ।

illegal wine seized in dhubri
ধুবুৰীত সুৰাৰ বটল জব্দ

উল্লেখ্য যে, এক অসাধু চক্ৰই চাৰি কাৰ্টন সুৰা আৰু তিনি কাৰ্টন বিয়েৰ চোৰাংভাৱে ক্ৰয় কৰি লক ডাউনৰ সুযোগ লৈ ক’লা বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল । ধুবুৰী আৰক্ষীয়ে সুৰা আৰু বিয়েৰৰ বটলখিনি জব্দ কৰিবলৈ সক্ষম যদিও এই চক্ৰত জড়িত থকা কোনো লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই । সম্প্ৰতি ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : কন্যাক বুকুত সাৱতি পুখুৰীত মাতৃৰ মৰণ জাঁপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.