ETV Bharat / state

41 টকাৰ বিপৰীতে 2200 টকাকৈ গুণ্ডাকৰ সংগ্ৰহ বিলাসীপাৰাৰ বালি মহলত - illegal text at sand sector at bilasipara

উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে বিলাসীপাৰা মহকুমাৰ টিপকাই নৈৰ ঘাঘমাৰী আৰু চাংবান্ধা হৈছে অন্যতম শিল বালিৰ মহল ৷ ইয়াৰে ঘাঘমাৰী বালি মহলটো আনছাদ জৌহলা ব্ৰহ্ম নামৰ ব্যক্তি এজনে দুই বছৰ মান পূৰ্বে নিবিদা পায় ৷ সেইমতে মহলদাৰ ব্ৰহ্মই কেইজনমান স্থানীয় গুণ্ডা প্ৰকৃতিৰ লোকৰ হতুৱাই বালি মহলটোত লুণ্ঠন চলাই আহিছে ৷

বিলাসীপাৰাত বালি মহলত গুণ্ডাকৰ সংগ্ৰহ
author img

By

Published : Oct 15, 2019, 10:56 AM IST

বিলাসীপাৰা, 15 অক্টোবৰঃ বিলাসীপাৰাৰ ঘাঘমাৰী বালি মহলত চৰকাৰী নিৰিখতকৈ অত্যাধিক হাৰত ৰয়েলটি সংগ্ৰহ কৰি অহাত জাঙুৰ খাই উঠিছে মহলটোৰ লগত জড়িত লঘু বাহন চালক আৰু মালিক সন্থা ৷ সোমবাৰে বিয়লি মহলটোৰ সমীপৱৰ্তী ঢেমঢেমাত বালি কঢ়িওৱা লঘু বাহনসমূহৰ চালকে চকা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে বিলাসীপাৰা মহকুমাৰ টিপকাই নৈৰ ঘাঘমাৰী আৰু চাংবান্ধা হৈছে অন্যতম শিল বালিৰ মহল ৷ দুই বছৰ মান পূৰ্বে ঘাঘমাৰী বালি মহলটো আনছাদ জৌহলা ব্ৰহ্ম নামৰ ব্যক্তি এজনে নিবিদা পায় ৷ সেইমতে মহলদাৰ ব্ৰহ্মই কেইজনমান স্থানীয় গুণ্ডা প্ৰকৃতিৰ লোকৰ হতুৱাই বালি মহলটোত লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশই ৷

বিলাসীপাৰাত বালি মহলত গুণ্ডাকৰ সংগ্ৰহ

আনহাতে, মহলৰ দায়িত্বত থকা লোকসকলে মূল মহলদাৰৰ ছত্ৰ ছায়াত বিভাগীয় বিষয়া কৰ্মচাৰীক মেনেজ কৰি ৰয়েলটিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰি অহাৰ অভিযোগ ৰাইজৰ ৷ উক্ত ঘটনা সন্দৰ্ভত স্থানীয় সাপটগ্ৰাম বনাঞ্চলিক বিষয়া অনিমেষ কলিতাই জনায় যে, প্ৰতি ছি, এম বালিৰ বিপৰীতে চৰকাৰী ৰয়েলটিৰ মূল্য 41 টকা ৷ কিন্তু ঘাঘমাৰী মহলদাৰৰ পালিত গুণ্ডা বাহিনীয়ে বলপূৰ্বক ভাবে প্ৰতি ছি, এম বালিৰ বাবদ বাহন সমূহৰ চালকৰ পৰা 2200 টকাকৈ সংগ্ৰহ কৰি আহিছে ৷ স্থানীয় শিক্ষিত নিবনুৱা একাংশই বিভিন্ন ক্ষেত্ৰৰ পৰা ঋণ লৈ তেনে লঘু বাহন এখনকৈ ক্ৰয় কৰি বালি বিক্ৰী কৰি আহিছে কিন্তু মহল কৰ্তৃপক্ষৰ কাৰ্যত বাহন সমূহৰ গৰাকী আৰু চালকসমূহ বৰ্তমান বিপাঙত পৰিব লগীয়া হৈছে ৷ ঘটনা সন্দৰ্ভত শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্তৰ দাবী জনাইছে প্ৰতিবাদকৰীয়ে ৷

অধিৰ পঢ়ক চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ পৰা উদ্ধাৰ 9mm পিস্তলৰ সজীৱ গুলী

Intro:A. I - বিলাসীপাৰাৰ ঘাঘমাৰী বালি মহলত চৰকাৰী নিৰিখতকৈ অত্যাধিক হাৰত ৰয়েলটি সংগ্ৰহ কৰি অহাত আজি জাঙুৰ খাই উঠিছে মহলটোত জড়িত লঘু বাহন চালক আৰু মালিক সন্থাই | সোমবাৰে বিয়লি মহলটোৰ সমীপৱৰ্তী ঢেমঢেমাত বালি কঢ়িওৱা লঘু বাহন সমূহৰ চকা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ | Body:V. O - 'মহলদাৰৰ অতপালি বন্ধ কৰক' , 'গুণ্ডাকৰ সংগ্ৰহ বন্ধ কৰক', 'আমাক পেটে ভাতে মৰা ষড়যন্ত্ৰ নচলিব' , আদি শ্ল'গানেৰে সোমবাৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে বালি কঢ়িওৱা লঘু বাহনৰ গৰাকী, চালক সকলে | উল্লেখযোগ্য যে, ৰাজ্যৰ ভিতৰতে বিলাসীপাৰা মহকুমাৰ টিপকাই নৈৰ ঘাঘমাৰী আৰু চাংবান্ধা হৈছে অন্যতম শিল বালিৰ মহল | ইয়াৰে ঘাঘমাৰী বালি মহলটো আনছাদ জৌহলা ব্ৰহ্ম নামৰ ব্যক্তি এজনে দুই বছৰ মান পূৰ্বে নিবিদা পায় | সেই মতে মহলদাৰ ব্ৰহ্মই বালি মহলটোত কেইজন মান স্থানীয় গুণ্ডা প্ৰকৃতিৰ লোকৰ হতুৱাই নিজ খেয়াল খুচি মতে চলাই আহিছে লুন্ঠন ৰাজ |প্ৰতিবাদী লোক সকলে জানিবলৈ দিয়া মতে আজগৰ আলী মাষ্টাৰ, মেহেবুব আলী, বাবু সেখ, চিন্টু সিং, আৰ্জু সেখ, আছাদুৰ ৰহমান, আইনুদ্দিন , আজিবুল ইছলাম , ৰিয়াজুল হক নামৰ যুৱক কেইজনে মহলৰ দায়িত্ব লৈ চলাই আহিছে লুট পাট |Conclusion:মহলৰ দায়িত্বত থকা স্থানীয় গুণ্ডা প্ৰকৃতিৰ লোক কেইজনে মুল মহলদাৰৰ ছত্ৰ ছায়াত বিভাগীয় বিষয়া কৰ্মচাৰীক মেনেজ কৰি ৰয়েলটিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰি অহাৰ অভিযোগ ৰাইজৰ | প্ৰণিধানযোগ্য যে এই ক্ষেত্ৰত স্থানীয় সাপটগ্ৰাম বনাঞ্চলিক বিষয়া অনিমেষ কলিতাই জানিবলৈ দিয়া মতে প্ৰতি ছি, এম বালিৰ বিপৰিতে চৰকাৰী ৰয়েলটিৰ মূল্য এশ চল্লিছ টকা | কিন্তু ঘাঘমাৰী মহলদাৰৰ পালিত গুণ্ডা বাহিনীয়ে জোৰ পূৰ্বক ভাবে প্ৰতি ছি, এম বালিৰ বাবদ বাহন সমূহৰ চালকৰ পৰা বাইছ শ (দুই হাজাৰ দুশ) টকা কৈ সংগ্ৰহ কৰি আহিছে | স্থানীয় শিক্ষিত নিবনুৱা একাংশই বিভিন্ন ক্ষেত্ৰৰ পৰা ঋণ লৈ তেনে লঘু বাহন এখনকৈ ক্ৰয় কৰি বালি বিক্ৰী কৰি আহি নিজৰ পৰিয়াল ভোৰণ পোষন দি আহিছে |কিন্তু মহল কৰ্তৃপক্ষৰ সেহতীয়া এনে কাৰ্যত বাহন সমূহৰ গৰাকী আৰু চালকে বিপাঙত পৰিব লগীয়া হৈছে | উপায়ন্তৰ চালক আৰু গৰাকী একাংশই সোমবাৰে এইদৰে প্ৰতিবাদৰ যোগেদি জিলা প্ৰশাসনৰ লগতে বিভাগীয় মন্ত্ৰীক বিষয়টি সন্দৰ্ভত তদন্ত ক্ৰমে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সজোৰ দাবী তোলে | লগতে চৰকাৰী নিৰিখত ৰয়েলটিৰ ধন আদায় লোৱাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে | ইয়াৰ অন্যথা অনাগত দিনত ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে চালক আৰু বাহন সমূহৰ গৰাকী সকলে |

Byte
1 - অনিমেষ কলিতা,বন বিষয়া, সাপটগ্ৰাম,
2+3 প্ৰতিবাদকাৰী,
বিঃদ্ৰঃ মহলদাৰৰ লগতে গুণ্ডাবাহিনী একাংশৰ ফটো দিয়া হৈছে |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.