ETV Bharat / state

লক ডাউনৰ সময়ত গোলকগঞ্জত অবৈধ জুৱা খেল

author img

By

Published : May 17, 2020, 3:24 PM IST

দীৰ্ঘদিন ধৰি আৰক্ষীক মেনেজ কৰি এই জুৱা খেল চলি থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ পুৱাৰ পৰা সন্ধিয়ালৈ চলি থকা এই ডাবু গুটি তথা ঝাণ্ডি মুণ্ডিৰ খেলত লাখ লাখ টকাৰ আমদানি হয় ৷

illegal activity at Golakganj
লক ডাউনৰ সময়ত গোলকগঞ্জত অবৈধ জুৱা খেল

গোলকগঞ্জ,17মে'ঃ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি ধুবুৰী জিলাৰ গোলকগঞ্জত দিনৰ পোহৰতে চলিছে ডাবু গুটি, ঝাণ্ডি মুণ্ডিৰ জুৱাখেল ৷ গোলকগঞ্জৰ আগমণি আৰক্ষী থানা আৰু তামাৰ হাট আৰক্ষী থানাৰ সীমামুৰীয়া চৰ অঞ্চল ভাংগাডুলিৰ গংগাধৰ নদীৰ পাৰ আৰু বৰোবালাৰ চৰৰ নদীৰ পাৰত দীৰ্ঘদিন ধৰি আৰক্ষীক মেনেজ কৰি এই জুৱা খেল চলি থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ পুৱাৰ পৰা সন্ধিয়ালৈ চলি থকা এই ডাবু গুটি তথা ঝাণ্ডি মুণ্ডিৰ খেলত লাখ লাখ টকাৰ আমদানি হোৱাৰ লগতে জুৱাৰীৰ সৰহ সংখ্যক পশ্চিম বংগৰ বালাভূত মানসাই আদিৰ পৰা অহা বুলিও জানিবলৈ দিয়ে ৷ আনহাতে ,এই খেলৰ সৈতে এক বৃহৎ গেং জড়িত হৈ থকাৰ বাবে কেমেৰাৰ আগত মুকলিকৈ ক'বলৈ সাহস নকৰিলে স্থানীয় ৰাইজে ৷

লক ডাউনৰ সময়ত গোলকগঞ্জত অবৈধ জুৱা খেল

লগতে পঢ়কঃডিব্ৰুগড়ত উপস্থিত চেন্নাইৰ পৰা অহা সাতজন শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.