ETV Bharat / state

য়াছ: ধুবুৰীৰ লগতে নামনিৰ কেইবাখনো জিলাত হাই এলাৰ্ট - ধুবুৰী জিলাত হাই এলাৰ্ট জাৰি

দেশ তথা ৰাজ্যজুৰি মহামাৰী কৰ'ণাতংকৰ মাজতে সংহাৰী ৰূপ ধাৰণ কৰিছে সাগৰীয় ঘূৰ্ণী বতাহ য়াছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ধুবুৰী জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট ৷

yash
য়াছৰ বাবে ধুবুৰীৰ লগতে নামনিৰ কেইবাখনো জিলাত হাই এলাৰ্ট
author img

By

Published : May 27, 2021, 10:12 PM IST

ধুবুৰী, ২৭ মে': এফালে মহমাৰী কৰ'ণাই সমগ্ৰ দেশত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে আনফালে সাগৰীয় ঘূৰ্ণী বতাহ য়াছেও কালৰূপ ধাৰণ কৰিছে । কৰ'ণাতংকৰ মাজতে অসম আৰু উত্তৰ-পূৱতো ঘূৰ্ণী বতাহ য়াছৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে । ২৬-২৭ মে'ত অসম আৰু উত্তৰ-পূৱত প্ৰচণ্ড ধুমুহা বৰষুণৰ হোৱাৰ সম্ভাৱনা জাৰি কৰা হৈছে । ইয়াকে লৈ এতিয়া সতৰ্ক হৈছে ৰাজ্য চৰকাৰ । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ধুবুৰী জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে ।

য়াছৰ বাবে ধুবুৰীৰ লগতে নামনিৰ কেইবাখনো জিলাত হাই এলাৰ্ট

ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাকে ধৰি নামনিৰ কেইবাখনো জিলাত বুধবাৰে মাজ নিশাৰ ভাগত য়াছৰ প্ৰভাৱ পৰিব বুলি বতৰ বিজ্ঞান বিভাগে জনাইছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত ধুবুৰী দুৰ্যোগ প্ৰশমন বিভাগে সতৰ্কবাণী জাৰি কৰিছে । এই সতৰ্কবাণী জাৰি কৰাৰ পাচতেই আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়ত তলা ওলমা পৰিলক্ষিত হয় ।

ইতিমধ্যে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল বন্ধ কৰা হৈছে । মুঠৰ ওপৰত সাগৰীয় ঘূৰ্ণী বতাহ য়াছৰ সৈতে মোকাবিলা কৰিবলৈ ধুবুৰী দুৰ্যোগ প্ৰশমন বিভাগ সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰিছে ধুবুৰী জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প বিষয়া মফাৰজেল সৰকাৰে ৷

লগতে পঢ়ক: ৰঙিয়া ডিজিটেল প্ৰেছ ক্লাৱৰ বিনামূলীয়া মাস্ক বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.