ধুবুৰী, 1 জুন: ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ ইতিমধ্যে ৰাজ্যৰ পৃথক পৃথক ঠাইত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে অন্য নিচাজাতীয় সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে আটক কৰিছে বহু সৰবৰাহকাৰীক ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীৰ গোলকগঞ্জ আৰক্ষীৰ এটা দলে যোৱা নিশা অভিযান চলাই প্ৰায় এক লাখ টকা মূল্যৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে গোলকগঞ্জৰ পোকালাগি গাঁৱত অভিযান চলাইছিল । উক্ত অভিযানতে আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷ আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গাঁওখনৰ পিযুষ চন্দ্ৰ মদক আৰু অজিত চন্দ্ৰ মণ্ডল নামৰ দুই যুৱকক আটক কৰে ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন যুৱক দুজনক সোধপোছ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক আৰক্ষীৰ