ETV Bharat / state

Azadi Ka Amrit Mahotsav: ধুবুৰীত স্বাধীনতা সংগ্ৰামী পৰিয়াললৈ সম্বৰ্ধনা ৰে'ল সুৰক্ষা বাহিনীৰ

author img

By

Published : Aug 8, 2022, 10:51 PM IST

ধুবুৰীৰ প্ৰয়াত স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীৰ পৰিয়াললৈ সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে তেওঁৰ বাসগৃহত উপস্থিত ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা দল(Honor to family of freedom fighters) ।

Honor to family of freedom fighters by Railway Protection Force in Dhubri
ধুবুৰীত স্বাধীনতা সংগ্ৰামী পৰিয়াললৈ সম্বৰ্ধনা ৰে'ল সুৰক্ষা বাহিনীৰ

ধুবুৰী, 8 আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি (75th Independence Day) উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা হৈছে "আজাদী কা অমৃত মহোৎসৱ" (Azadi Ka Amrit Mahotsav) ৷ সেই উপলক্ষে ধুবুৰীৰ প্ৰয়াত স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীৰ পৰিয়াললৈ সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে স্বাধীনতা সংগ্ৰামীৰ বাসগৃহত উপস্থিত হয় ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা দল । লগতে ধুবুৰী ৰে'লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শক সঞ্জীত সৰকাৰৰ নেতৃত্বত সঁজাতি দলটোৱে ধুবুৰীৰ গাড়ীখানা ৰোডস্থিত স্বাধীনতা সংগ্ৰামীৰ বাসগৃহত উপস্থিত হয় (Honor to family of freedom fighters) ।

উল্লেখ্য যে, ১৯০৮ চনত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীৰ মৃত্যু হয় ১৯৯৫ চনত । কলিকতাত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামীগৰাকী জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বৰাজ প্ৰতিষ্ঠাৰ উদ্দেশ্যে খিলাফৎ আৰু অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল । ইয়াৰ পিছত ১৯২৩ চনত দেশবন্ধু চিত্তৰঞ্জন দাসৰ স্বৰাজ দলৰ আহ্বানত ব্ৰিটিছ সম্ৰাজ্যৰ বিৰুদ্ধে তাৰকেশ্বৰ সত্যাগ্ৰহ আন্দোলনত অংশ লৈ প্ৰথমে কাৰাগাৰলৈ গৈছিল । তাৰ পিছৰ পৰাই ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিভিন্ন আন্দোলনৰ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণেৰে তেওঁ সংগ্ৰাম অব্যাহত ৰাখিছিল ।

ইপিনে, ১৯৫২ চনত বাংলা মজদুৰ নামৰ এখন হিন্দী কাকতৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰি ধুবুৰীৰ পৰা প্ৰথমবাৰ চাবুক নামৰ এখন বাংলা সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল স্বাধীনতা সংগ্ৰামী বিপিন চক্ৰৱৰ্তীয়ে । সেইগৰাকী স্বাধীনতা সংগ্ৰামী আজি নাই যদিও দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে সংগ্ৰামী পৰিয়ালটোৰ খবৰ ল'বলৈ সোমবাৰে উপস্থিত হয় ধুবুৰী ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা দল(Railway Protection Force in Dhubri) ।

ইফালে, ৰে'লৱে সুৰক্ষা বাহিনীয়ে প্ৰয়াত বিপিন চক্ৰৱৰ্তীৰ ডাঙৰ বোৱাৰী নীলিমা চক্ৰৱৰ্তীক মান পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে । ৰে'লৱে সুৰক্ষা বাহিনীৰ ফালৰ পৰা এই সন্মান লাভ কৰাৰ পিছত আনন্দিত হৈ পৰে সংগ্ৰামী পৰিয়ালটো ।

লগতে পঢ়ক : Har Ghar Tiranga march: জোনাইত বিজেপিৰ সজাগতামূলক শোভযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.