ETV Bharat / state

চুপাৰী কিলাৰেৰে হত্যা হোমিঅ' চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায়ক

হত্যাকাণ্ডৰ লগত জড়িত পিতা-পুত্ৰ বিশ্বজিত পাটগিৰি আৰু অৰ্নল পাটগিৰিক আটক ৷ মাটি-বাৰী সংক্ৰান্তীয় কাজিয়াৰ পৰিণতিতে চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল চিকিৎসকগৰাকীক ।

ৰবেন ৰায় হত্যাৰ নতুন মোৰ
author img

By

Published : Apr 26, 2019, 11:50 AM IST

বিলাসীপাৰা, 26 এপ্ৰিল : পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰাৰ হোমিঅ' চিকিৎসক তথা বিজেপি নেতা ৰবেন ৰায় হত্যাৰ নতুন মোৰ ৷ চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল হোমিঅ' চিকিৎসকগৰাকীক ৷ হত্যাকাণ্ডৰ লগত জড়িত পিতা-পুত্ৰ বিশ্বজিত পাটগিৰি আৰু অৰ্নল পাটগিৰিক আটক ৷ চাপৰ আৰক্ষীয়ে পিতা-পুত্ৰক আটকৰ পাচতেই পোহৰলৈ আহিছে এই তথ্য ৷ ইপিনে এই হত্যাকাণ্ডৰ লগত আলোচনাপন্থী এটা উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।

ৰবেন ৰায় হত্যাৰ নতুন মোৰ

মাটি-বাৰী সংক্ৰান্তীয় কাজিয়াৰ পৰিণতিতে চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল চিকিৎসকগৰাকীক । তিনিজনকৈ কিলাৰে পিস্তলেৰে গুলীওৱাৰ উপৰিও চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিছিল ৰবেন ৰায়ক । তদন্তৰ খাতিৰত আৰক্ষীয়ে চুপাৰী কিলাৰৰ নাম প্ৰকাশ নকৰিলেও নিশ্চিতভাৱে অতি শীঘ্ৰে জালত পৰিব চুপাৰী কিলাৰৰ গেংটো । উল্লেখ্য যে, 16 এপ্ৰিলৰ নিশা পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰাত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড ।

Intro:পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰাত হোমিঅ চিকিৎসক তথা বি জে পি নেতাক গুলীয়াই হত্যা কৰা ঘটনাৰ নতুন মোৰ

চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল হোমিঅ চিকিৎসক তথা বি জে পি নেতা ৰবেন ৰায়ক

আটক পিতা-পুত্ৰ- বিশ্বজিত পাটগিৰি আৰু অৰ্নল পাটগিৰিBody:বিলাসীপাৰা পূৱ:

গাৰ নোম শিয়ৰি উঠা এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ঘৰৰ পদুলিমুখতে এগৰাকী হোমিঅ চিকিৎসক তথা বি জে পি নেতাক পিস্তলেৰে গুলীয়াই হত্যা কৰা হয় । যোৱা ১৬ এপ্ৰিল নিশা এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল পূৱ বিলাসীপাৰাৰ বহলপুৰ নাথপাৰাত ।

এই লোমহৰ্ষক হত্যাকাণ্ডৰ উত্তেজনা মাৰ নৌযাওতেই চাপৰ আৰক্ষীয়ে পোহৰলৈ আনিছে আন এক ভয়ংকৰ তথ্য ।

চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল হোমিঅ চিকিৎসক তথা বি জে পি নেতা ৰবেন ৰায়ক । হত্যাকাণ্ডৰ লগত জড়িত এহাল পিতা-পুত্ৰক আটক কৰাৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য । বিশ্বজিত পিটগিৰি আৰু অৰ্নল পাটগিৰি নামৰ পিতা-পুত্ৰক চাপৰ আৰক্ষীয়ে আটক কৰাৰ পিছত পোহৰলৈ আহিছে এই তথ্য । এই হত্যাকাণ্ডৰ লগত আলোচনা পন্থী এটা উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত থকাৰ সন্দেহ আৰক্ষীৰ । মাটি-বাৰী সংক্ৰান্তীয় কাজিয়াৰ পৰিনতিত চুপাৰী কিলাৰেৰে হত্যা কৰা হৈছিল এইগৰাকী চিকিৎসক তথা বি জে পি নেতাক ।Conclusion:তিনিজনকৈ কিলাৰে পিস্তলেৰে গুলীওৱাৰ উপৰিও চোকা অস্ত্ৰ ৰে হানি খুচি হত্যা কৰিছিল ৰবেন ৰায়ক। আৰক্ষীয়ে তদন্তৰ খাতিৰত চুপাৰী কিলাৰৰ নাম প্ৰকাশ নকৰিলেও নিশ্চিত ভাৱে অতি শীঘ্ৰে জালত পৰিব চুপাৰী কিলাৰৰ গেংটো ।

BYTE: 1. OC CHAPAR
2. ARNOL PATGIRI
3. BISWAJIT PATGIRI

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.