ETV Bharat / state

Land Mafia terror: ধুবুৰীত ভূ-মাফিয়াৰ সন্ত্ৰাস, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগীয়ে

author img

By

Published : Jan 6, 2023, 10:50 PM IST

ধুবুৰীৰ আগমনীত এটি দুৰ্ভগীয়া পৰিয়ালক আক্ৰমণ ভূ-মাফিয়াৰ ৷ ভূ-মাফিয়াৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় কেইবাগৰাকীও ব্যক্তি ৷ ডুলেশ্বৰ ৰায় নামৰ লোকজনৰ পট্টাৰ ভূমি চক্ৰান্তৰে দখল কৰাৰ অভিযোগ ভূ মাফিয়াৰ দলটোৰ বিৰুদ্ধে ৷

Land Mafia terror
ধুবুৰীত ভূ-মাফিয়াৰ সন্ত্ৰাস, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আহ্বান ভুক্তভোগীৰ

ধুবুৰী, 6 জানুৱাৰী: ধুবুৰীৰ আগমনী অঞ্চলত বৃহস্পতিবাৰে একাংশ ভূ-মাফিয়াই চলালে সন্ত্ৰাস(Land Mafia terror in Dhubri) ৷ হাতে হাতে দা-লাঠি লৈ এটা অসহায় পৰিয়ালৰ ওপৰত বৰ্বৰ আক্ৰমণ ভূ-মাফিয়াৰ দলটোৰ ৷ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাসহ আন কেইবাগৰাকীও লোক ৷

উল্লেখ্য যে, হিন্দু সম্প্ৰদায়ৰ হোৱাৰ বাবেই ভূ-মাফিয়াই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে(Assam Hindu family attacked by Land Mafia) ৷ অভিযোগ অনুসৰি ধুবুৰী জিলাৰ আগমনী ৰাজহ চক্ৰৰ অধীনৰ ডুলেশ্বৰ ৰায় নামৰ লোকজনৰ নিজ পট্টাৰ ভূমি চক্ৰান্তৰে দখল কৰে ভূ-মাফিয়াৰ দলটোৱে(Land Mafia occupied land) ৷ যাৰ বিৰোধিতা কৰিছিল ভূমিৰ গৰাকী ডুলেশ্বৰ ৰায় আৰু তেওঁৰ পৰিয়ালৰ লোকে ৷ ইয়াৰ পিচতেই পৰিয়ালটোৰ ওপৰত চলে আক্ৰমণ ৷ ভূ-মাফিয়া মিনাজুল, সিৰাজুল, ছামছুল হক আৰু জগ্গু শ্বেখৰ বিৰূদ্ধে উঠিছে মাৰপিটৰ অভিযোগ ৷

বৃহস্পতিবাৰে সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনাত গুৰুতৰ ভাৱে আহত হয় মামনি বৰ্মন আৰু কাৰ্তিক ৰায়(grievously injured by land mafia attack) ৷ আঘাতপ্ৰাপ্ত দুয়োকে ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও কাৰ্তিক ৰায়ক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ এই আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে, মামনি বৰ্মন আৰু কাৰ্তিক ৰায়ৰ মূৰ ফাটি যায় ৷ কেৱল বৃহস্পতিবাৰেই নহয়, পূৰ্বেও ভূ-মাফিয়াৰ দলটোৱে পৰিয়ালটোত দাবী-ধমকি আৰু ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে(Hindu family attacked in Dhuburi) ৷

ইফালে, বিষয় সন্দৰ্ভত পূৰ্বে আদালতৰ দ্বাৰস্থ হোৱাৰ পিচতো কোনো ফল নধৰাৰ কথা সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছে পৰিয়ালয়টোৱে ৷ আনহাতে আৰক্ষীয়েও নীৰৱ দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে এতিয়া, সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma) হস্তক্ষেপ বিচাৰি সংবাদমাধ্যম যোগে আহ্বান জনাইছে পৰিয়ালটোৱে ৷

এই আক্ৰমণৰ ঘটনাৰ পিছতে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কোনো এটা অভিযুক্তক ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজান ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত কিদৰে আগবাঢ়িব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Tension grips Gauripur: গৌৰীপুৰত ছাত্ৰক নিৰ্মমভাৱে হত্যা, ৰাজপথত মৃতদেহ লৈ প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.