ETV Bharat / state

High alert : ধুবুৰীত জাৰি ১৪৪ ধাৰা

কঠোৰ হৈছে ধুবুৰী জিলা প্ৰশাসন ৷ ধুবুৰী জিলা দণ্ডাধীশে জাৰি কৰা ফৌজদাৰী বিধিৰ ১৪৪ ধাৰাৰ আধীনত সমগ্ৰ ধুবুৰীতে জাৰি কেতবোৰ নিষেধাজ্ঞা ৷

author img

By

Published : Nov 11, 2021, 10:08 PM IST

Section 144 issued in Dhubri
High alert : ধুবুৰীত জাৰি ১৪৪ ধাৰা

ধুবুৰী, 11 নৱেম্বৰ : ধুবুৰীত জাৰি কৰা হৈছে 144 ধাৰা ৷ ধুবুৰী জিলা দণ্ডাধীশে জাৰি কৰা ফৌজদাৰী বিধিৰ ১৪৪ ধাৰাৰ আধীনত সমগ্ৰ ধুবুৰী জিলাতে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এই নিষেধাজ্ঞা অনুসৰি, ৰাজহুৱা স্থান, পথ আদিত ধৰ্মঘট কৰা, সভা সমিতি পতা বা সমদল কৰা বা তেনেধৰণৰ লক্ষ্যৰে ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব ৷

আনকি জিলা দণ্ডাধীশৰ অনুমতি নোহোৱাকৈ কোনো সমদল, সভা, ধৰ্মঘট আদি অনুষ্ঠিত কৰাতো বাধা আৰোপ কৰিছে ধুবুৰী জিলা প্ৰশাসনে ৷ দা, লাঠি আদিকে ধৰি কোনো মাৰণাস্ত্ৰ, জ্বলন সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ, এচিডৰ লেখীয়া সামগ্ৰী কোনো লোকে পথ বা ৰাজহুৱা স্থানত লগত ৰাখিব নোৱাৰিব ৷ লগতে প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ, পিকেটিং, পুত্তলিকা দাহ, টায়াৰ আদি জ্বলাব নোৱাৰিব ৷

Section 144 issued in Dhubri
High alert : ধুবুৰীত জাৰি ১৪৪ ধাৰা

আনহাতে, দায়িত্বত থকা লোকসকলৰ বাহিৰে আন লোকে সেনা বা নিৰাপত্তাৰক্ষীৰ পোচাক বা তেনেধৰণৰ পোচাক পিন্ধিব নোৱাৰিব ৷ কোনো ব্যক্তি, ব্যৱসায়ীক প্ৰতিষ্ঠান বা ৰাজপথত যান-বাহনৰ পৰা জোৰকৈ কোনেও বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব ৷ এই নিষেধাজ্ঞাবোৰৰ পৰা অৱশ্যে আইন বলবৎকাৰী সংস্থা, কোনো কোনো ক্ষেত্ৰত ক’ভিডৰ চিকিৎসাত নিয়োজিত চিকিৎসক, নাৰ্ছ আৰু অন্য স্বাস্থ্যকৰ্মীয়ে ৰেহাই পাব ৷

Section 144 issued in Dhubri
কঠোৰ হৈছে ধুবুৰী জিলা প্ৰশাসন

উল্লেখ্য যে, জিলা দণ্ডাধীশে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত ধুবুৰীত এই নিষেধাজ্ঞা বাহাল থাকিব ৷ এই কথা এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে ধুবুৰী জিলা উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক : উদং দিছপুৰ : মুম্বাইলৈ মুখ্যমন্ত্রীকে ধৰি মন্ত্রী আৰু শাসকীয় দলৰ বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.