ETV Bharat / state

ডকাইতক বিচাৰি বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতি - শালকোচা আৰক্ষী

বিলাসীপাৰাৰ টিলাপাৰাত নিশা উত্তপ্ত পৰিস্থিতি । ডকাইতিৰ অপচেষ্টা চাৰিজনীয় এটা ডকাইতৰ দলৰ ৷ গাঁওৰক্ষী বাহিনীৰ হাতত আটক এজন ডকাইত ৷

heated situation in bilasipara in search of dacoit
ডকাইতক বিচাৰি বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jul 1, 2021, 1:51 PM IST

পশ্চিম বিলাসীপাৰা, 1 জুলাই: ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী তথা সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰখাৰ মাজতে ডকাইতিৰ অপচেষ্টা চলোৱা চাৰিটাকৈ ডকাইতক বিচাৰি বিলাসীপাৰাৰ টিলাপাৰাত ৰাইজৰ তীব্ৰ অভিযান ৷ টিলাপাৰা বজাৰৰ এজন ব্যৱসায়ীৰ ঘৰত চাৰিজনীয়া ডকাইতৰ এটা দলে ডকাইতিৰ অপচেষ্টা চলোৱাৰ সময়তে এটা দুধৰ্ষ ডকাইত ধৰা পৰে ৷ গাঁওৰক্ষী বাহিনীৰ হাতত আটক হোৱা ডকাইতজন শিমলাকান্দি গাঁৱৰ জব্বাৰ আলী বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, আজিৰ আলী নামৰ ব্যৱসায়ীজনৰ বাসগৃহত প্ৰৱেশৰ সময়তে ডকাইতটো আটক হয় ৷ অৱশ্যে এটা ডকাইতক গাঁওৰক্ষী বাহিনীয়ে আটক কৰিবলৈ সক্ষম হ'লেও চাৰিজনীয়া ডকাইতৰ দলটোৰ বাকী তিনিটা ডকাইতে পলায়ন কৰে ৷ নিশাৰ আন্ধাৰৰ সুযোগ লৈ বাকী তিনিটা ডকাইত পলায়ন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচতে আন তিনিটা ডকাইতক বিচাৰি ৰাইজে নিশাৰ আন্ধাৰতো অভিযান চলোৱাত অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷

ডকাইতক বিচাৰি বিলাসীপাৰাত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ পাচত নিশাই ঘটনাস্থলীত শালকোচা আৰক্ষীৰ দল উপস্থিত হয় ৷ ধৃত ডকাইতটোক স্থানীয় ৰাইজে উত্তম মাধ্যম দি নিশাৰ ভাগতে শালকোচা আৰক্ষীক গটাই দিয়ে ৷ সম্প্ৰতি বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতি নিশাই সংঘটিত হোৱা চুৰি-ডকাইতিৰ ঘটনাই স্থানীয় ৰাইজৰ নিদ্ৰা হৰণ কৰা পৰিলক্ষিত হৈছে ৷

ইফালে চাপৰ আৰক্ষীৰ এক সাফল্য অৰ্জন কৰি চাপৰৰ বিভিন্ন অঞ্চলৰ পৰা দুখন বাইকসহ তিনিজনকৈ চোৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ পৰা এখন পালচাৰ বাইক চুৰি হোৱাৰ পাচত বাইকৰ গৰাকীয়ে চাপৰ থানাত এজাহাৰ দাখিল কৰাৰ পাচত আৰক্ষীয়ে অভিযান চলাই এখন নম্বৰ প্লেটবিহীন পালচাৰ বাইক আৰু এখন হিৰ’ গ্লেমাৰ বাইকসহ তিনিজনকৈ বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: পুতলাৰ ভিতৰত ওলাল 12 কেজি গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.