বিলাসীপাৰা, 4 অক্টোবৰ : বিলাসীপাৰা মহাবিদ্যালয়ত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে মহা স্বাস্থ্যমেলা আৰু সজাগতা সভা অনুস্থিত কৰা হয় ৷ বিলাসীপাৰাৰ 27 নং পূৱ বিধানসভা সমষ্টিৰ বিজেপি দলৰ বিধায়ক অশোক কুমাৰ সিংহীৰ পৌৰোহিত্যত আৰু জিলা স্বাস্থ্য সমিতিৰ ৰানীগঞ্জ আৰু চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত এই সভা অনুষ্ঠিত কৰা হয় ৷
উল্লেখ্য যে, মহা স্বাস্থ্যমেলা ও সজাগতা সভাখনৰ শুভ উদ্বোধনী কৰে ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, বিধায়ক অশোক কুমাৰ সিংহী, বিলাসীপাৰা মহকুমাধিপতি ৰোহন কুমাৰ ঝা, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া ছাৰ্ফ্ৰাচ হকে ৷ এই অনুষ্ঠানত উপস্থিত থাকে কলিকতাৰ পৰা আহি উপস্থিত হোৱা ডঃ অঞ্জুলা বিনায়াকা (প্ৰসূতি বিভাগ), ডঃ সিদ্ধাৰ্থ প্ৰিন্স( দন্ত বিভাগ), ডঃ এচ এম ইমদুল্লা আদিকে ধৰি বিভিন্ন গন্য-মান্য ব্যক্তি । মনকৰিবলগীয়া যে, উদ্বোধনী অনুষ্ঠানটোত প্ৰায় পাঁচ হাজাৰৰো অধিক লোকৰ সমাগম হয় ।