ETV Bharat / state

শিক্ষা বিভাগৰ নগ্ন স্বৰূপ উদঙাইছে ধুবুৰীৰ এখন বিদ্যালয়ে - ১৯৬৯ চনত স্থাপিত এই বিদ্যালয়খনৰ জহি-খহি অৱস্থা তেনেই শোচনীয়

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নগ্ন স্বৰূপ উদঙাইছে ধুবুৰীৰ এখন বিদ্যালয়ে । ধুবুৰী চহৰৰ মাজ মজিয়াৰ ৫ নং ওৱাৰ্ড নুনীয়া পট্টিত অৱস্থিত গৌৰীপুৰ শিক্ষা খণ্ডৰ অধীনত দেৱ নাগৰী হিন্দী এম ই স্কুলৰ চাদ আৰু দেৱাল জহি-খহি গৈছে । যিকোনো মূহুৰ্তত বিদ্যালয়ৰ চাদ ভাঙি বিপদৰ সন্মুখীন হ'ব পাৰে । ফলত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়খন । সঁহাৰি নাই বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ ।

শিক্ষা বিভাগৰ নগ্ন স্বৰূপ উদঙাইছে ধুবুৰীৰ এখন বিদ্যালয়

author img

By

Published : Jan 21, 2021, 6:02 PM IST

ধুবুৰী, ২১ জানুৱাৰী: এখন চৰকাৰী বিদ্যালয় । বিদ্যালয়খনৰ পৰিৱেশ দেখিলে আচৰিত হ'ব । বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা ব্যৱস্থাই প্ৰত্যাহ্বান জনাইছে নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়া আৰু সোণোৱাল নেতৃত্বাধীন এডভান্স অসমক । সততে শিক্ষা বিভাগত যথেষ্ট উন্নয়ন আৰু পৰিৱৰ্তন হোৱা বুলি মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত দম্ভালি মাৰি অহাৰ সময়তে শিক্ষা বিভাগৰ নগ্ন স্বৰূপ উদঙাইছে ধুবুৰীৰ এই বিদ্যালয়খনে । ধুবুৰী চহৰৰ মাজ মজিয়াৰ ৫ নং ওৱাৰ্ড নুনীয়া পট্টিত অৱস্থিত গৌৰীপুৰ শিক্ষা খণ্ডৰ অধীনত দেৱ নাগৰী হিন্দী এম ই স্কুলৰ চাদ আৰু দেৱাল জহি-খহি গৈছে ।

শিক্ষা বিভাগৰ নগ্ন স্বৰূপ উদঙাইছে ধুবুৰীৰ এখন বিদ্যালয়

১৯৬৯ চনত স্থাপিত এই বিদ্যালয়খনৰ চাদ-দেৱাল জহি-খহি অৱস্থা তেনেই শোচনীয় । এনে পৰস্থিতিত যিকোনো মুহূৰ্তত ভয়াৱহ বিপদ নামি আহিব পাৰে যাৰবাবে ভয়ত আতংকিত হৈ বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰী সকলে । ইয়াৰ বাবে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো লিখিত অভিযোগ দিয়াৰ পিছতো কোনো সঁহাৰি পোৱা নাই বিদ্যালয় কৰ্তৃপক্ষই ।

ইফালে বিদ্যালয়খনৰ কৰ্তৃপক্ষই বিদ্যালয় বন্ধ কৰি ওচৰৰ আন এখন বিদ্যালয়ত পাঠদান চলোৱাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক:থানাৰ পৰা হেণ্ডকাফ খুলি পলাল বাইক চোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.