ধুবুৰী,23 ফেব্ৰুৱাৰী: সোমবাৰে ৰাজ্যজুৰি কংগ্ৰেছে অসম বচাও কাৰ্যসূচীৰ জৰিয়তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীৰ গোলকগঞ্জতো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰছে ৷ ধুবুৰীৰ আগমণি আৰু গোলকগঞ্জৰ দুটাকৈ ব্লকত কংগ্ৰছে কৰ্মীসকলে বিভিন্ন বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে, সোমবাৰে চিলাপথাৰত জনসভাত অংশ লোৱাৰ বাবে অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী মোডী ৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ দিনটোতে কংগ্ৰেছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এনেদৰে ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷