ETV Bharat / state

প্ৰেমৰ অভিনয়েৰে অপহৰণ কিশোৰীক : আটক দুই - জুনাইত এগৰাকী কিশোৰীক অপহৰণ

প্ৰেমৰ অভিনয়েৰে জুনাইত এগৰাকী কিশোৰীক অপহৰণ ৷ ঘটনাৰ সৈতে জড়িত দুই অপৰাধীক আটক ৷

আটক দুই
প্ৰেমৰ অভিনয়েৰে অপহৰণ কিশোৰীক
author img

By

Published : Mar 21, 2020, 5:03 PM IST

জোনাই, 21 মাৰ্চ : ধেমাজি জিলাৰ জোনাইত দুজন যুৱকে এগৰাকী কিশোৰীক অপহৰণ কৰি নিয়া এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰেমৰ অভিনয়েৰে জোনাইৰ পৰা বৰপেটালৈ অৰ্ধচেতন অৱস্থাত অপহৰণ কৰি নিছিল কিশোৰীগৰাকীক ৷

জোনাইৰ গিনে মহমৰাত চলি থকা এখন পকী দলঙৰ নিৰ্মাণকাৰী দলৰ সৈতে আহিছিল বৰপেটা জিলাৰ নকুচি গাঁৱৰ ৰাহুল ইছলাম আৰু মিজানুৰ ৰহমান নামৰ যুৱক দুজন ৷ কপলং মহমৰাৰ 12 বছৰীয়া কিশোৰী গৰাকীক অৰ্ধচেতন কৰি অপহৰণ কৰি নিয়াৰ পথত চিলাপথাৰ আৰক্ষীয়ে আটক কৰে ৷

জানিব পৰা মতে, দুই অপহৰণকাৰীয়ে কিশোৰীগৰাকীক কোনো ঔষধ খোৱাই অৰ্ধচেতন কৰি অপহৰণ কাণ্ড সংঘটিত কৰে ৷ চিলাপথাৰ বাছ আস্থানৰ সমীপত দুজন যুৱকৰ সৈতে এগৰাকী অৰ্ধচেতন কিশোৰীক দেখি স্থানীয় ৰাইজৰ সন্দেহ উপজাত ৰাইজে কিশোৰীসহ দুই যুৱকক আৰক্ষীক গতাই দিয়ে ৷

প্ৰেমৰ অভিনয়েৰে অপহৰণ কিশোৰীক

এই ঘটনাৰ পাচতে জোনাইৰ কপলং মহমৰাৰ স্থানীয় ৰাইজে প্ৰায় 18 গৰাকী বনুৱাকো জোনাই আৰক্ষীৰ হাতত গতাই দিয়ে ৷ অৰ্ধচেতন কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে জোনাইৰ পৰা প্ৰেৰণ কৰা হৈছে ধেমাজি অসামৰিক চিকিৎসালয়লৈ ৷ অপহৰণকাৰী দুই যুৱকক জোনাই আৰক্ষী থানাই 31/20 নম্বৰ গোচৰ পঞ্জীয়ন কৰি u/s - 120(B)/366 A IPC আৰু R/W sec 4 of POCSO Act ৰ অধীনত জেললৈ প্ৰেৰণ কৰে৷ অৱশ্যে ৰাইজে আৰক্ষীৰ হাতত চমজাই দিয়া 18 গৰাকী বনুৱাক আৰক্ষীয়ে এৰি দিয়ে ৷

আৰু পঢ়ক : কৰ'ণাতংক : ৰাজহুৱা স্থানত হাঁচিওৱাৰ বাবে এজনক আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.