ETV Bharat / state

Ganja Seized in Dhubri: গোলকগঞ্জত গাঞ্জাসহ চাৰি সৰবৰাহকাৰী আটক

author img

By

Published : Jan 20, 2023, 1:57 PM IST

ধুবুৰীৰ গোলকগঞ্জত বৃহস্পতিবাৰে নিশা আৰক্ষীৰ নাকা চেকিঙত গাঞ্জাসহ চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ(Ganja Seized in Dhubr) ৷ উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ ওজন ৬৬ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে ৷

Ganja with 4 peddlers arrested at Golakganj
গোলকগঞ্জত গাঞ্জাসহ চাৰি সৰবৰাহকাৰী আটক
গোলকগঞ্জত গাঞ্জাসহ চাৰি সৰবৰাহকাৰী আটক

ধুবুৰী, 20 জানুৱাৰী: ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তো গা লৰা নাই একাংশ অপৰাধীৰ ৷ আৰক্ষীৰ চকুত ধুলি ছটিয়াই প্ৰতিদিনে ন ন কৌশল ব্যৱহাৰ কৰি নিচাজাতীয় সামগ্ৰীৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে সৰবৰাহকাৰীয়ে ৷ এইবাৰ বৃহস্পতিবাৰৰ নিশা ধুবুৰীৰ দুখন চাৰিচকীয়া বাহনৰ পৰা গোলকগঞ্জত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে (Ganja Seized in Dhubri)৷

গাঞ্জা আৰু ধঁপাত ব্যৱসায়ী যদি ডালে ডালে, আৰক্ষী আৰু পাতে পাতে। দৰাচলতে অঞ্চলটোত দীৰ্ঘ দিনৰে পৰা একাংশ অসাধু লোকে ধঁপাত আৰু গাঞ্জা বেপাৰীয়ে​ বিভিন্ন কৌশল অৱলম্বন কৰি আৰক্ষীৰ চকুত ধুলি দি সৰবৰাহ কৰি আহিছে নিষিদ্ধ গাঞ্জা আৰু ধঁপাত। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ বিভিন্ন প্ৰান্তৰ পৰা কুইণ্টলে কুইণ্টলে নিষিদ্ধ গাঞ্জা আৰু ধঁপাত গোপনে সৰবৰাহ কৰাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছিল (Ganja Seized at Golakganj) ৷

লগতে পঢ়ক: Crime at Boko: দিন দুপৰতে সেনা জোৱানৰ পৰা ডকাইতে লুটি নিলে ধন

এনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ গোলকগঞ্জ আৰক্ষী আৰু চিআৰপিএফে যৌথভাৱে ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নাকা চেকিং বহুৱাই এই অভিযান আৰম্ভ কৰে। তেনে সময়তে AS23C 6256 আৰু AS23K 4199 নম্বৰৰ দুখন চেন্ট্ৰো গাড়ীত টালাচী চলাই আৰক্ষীয়ে মুঠ ৬৬ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় (66 kg Ganja seized)। আৰক্ষীয়ে লগতে চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে,আৰক্ষীয়ে প্ৰথমে গাড়ী দুখনত তালাচী চলাই একো পোৱা নাছিল যদিও পৰৱৰ্তী সময়ত গাড়ী দুখনৰ বডীৰ ভিতৰত আৰু পিছফালৰ লাইটৰ ভিতৰত লুকুৱাই আনিছিল গাঞ্জাখিনি। পিছত গাড়ী দুখনৰ বডি কাটি উদ্ধাৰ কৰা হয় গাঞ্জাখিনি। ধৃত গাঞ্জা সৰবৰাহকাৰী কেইটা হৈছে মহিদুল ইছলাম(20), ওৱাছিব হোসেন(17), ৰুবুল মিঞা (19), ৰাকিব হোসেন (17) (Drugs peddler arrested at Golakganj)।

বৰ্তমান ধৃত চাৰিজনৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে গোলকগঞ্জ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ খাতিৰত এই মুহুৰ্তলৈকে আৰক্ষীয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক: Love Jihad case at Misamari: প্ৰলোভন দি দুই হিন্দু কিশোৰীক পলুৱাই নিলে দুই মুছলমান যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.