বিলাসীপাৰা,3 জুন: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৷ প্ৰতিদিনে আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ মাজতে বিলাসীপাৰা সূৰ্যখাতাত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ নগৰ উপ-পৰিদৰ্শক মহিদুল জামানৰ নেতৃত্বত চলে এই অভিযান । জামানে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷
জানিব পৰা মতে, সূৰ্যখাতা অঞ্চলত দীৰ্ঘদিন ধৰি গাঞ্জাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ ইফালে, ঘটনাস্থলীত আৰক্ষীৰ উপস্থিতিৰ উমান পাই মূল গাঞ্জা ব্যৱসায়ী আব্দুল কালামে পলায়ন কৰে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে কালামৰ ভাতৃ ছাহজাহান আলীক আটক কৰি বিলাসীপাৰা থানালৈ লৈ আনে ৷ সম্প্ৰতি আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ এখন বিশেষ গাঁও : ঘৰ থাকিও মানুহে বসবাস কৰে টঙিঘৰত