ETV Bharat / state

গংগাধৰ নৈত জাহ যোৱাৰ দিশে ভাৰত বাংলা সীমান্তৰ কটাতাঁৰৰ বৃহৎ অংশ

গংগাধৰৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে ধুবুৰীৰ সীমান্ত অঞ্চলৰ ৰাইজৰ (River erosion in Dhubri)। প্ৰতি বছৰে বানৰ সময়ত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ বিন্নাচৰা পঞ্চায়তৰ বৃহৎ অংশ জাহ গৈছে গৰাখহনীয়াত । গৰাখহনীয়াত প্ৰতিবছৰে জাহ গৈছে কটাতাঁৰৰ বৃহৎ অংশ । এইবেলিও গংগাধৰ নৈৰ গৰাখহনীয়া আৰম্ভ হোৱাত সীমান্তবাসী ৰাইজৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি ৷

River erosion in Dhubri
গংগাধৰ নৈত জাহ যোৱাৰ দিশে কটাতাৰৰ বৃহৎ অংশ
author img

By

Published : May 26, 2022, 1:17 PM IST

ধুবুৰী, 26 মে’ : ধুবুৰীৰ ভাৰত বাংলা সীমান্তত আজিও অব্যাহত আছে গংগাধৰ নৈৰ গৰাখহনীয়া (Gangadhar River erosion in Dhubri)। প্ৰতি বছৰে বান আৰু গৰাখহনীয়াত নৈৰ বুকুত জাহ গৈছে সীমান্তৰ বিন্নাচৰা গাঁও পঞ্চায়ত বালাডবা গাঁৱৰ বহু পৰিয়ালৰ ঘৰবাৰী । আনকি গংগাধৰ নৈৰ গৰাখহনীয়াত জাহ গৈছে ছীল কৰা সীমান্তৰ কটাতাঁৰৰ এক বৃহৎ অংশও ।

এইবেলিও বানৰ সময়ত গংগাধৰৰ পানী ওপঙি উঠাৰ ফলত আৰম্ভ হৈছে গৰাখহনীয়া । অৱশ্যে বর্তমান বান পৰিস্থিতি কিছু সাম কটাত গংগাধৰ নৈৰ গৰাখহনীয়া কিছু অৱনমিত হৈছে । কিন্তু এনেদৰে যদি গংগাধৰ নৈৰ গৰাখহনীয়া অব্যাহত থাকে, তেন্তে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ এক বৃহৎ অংশ নিমিষতে নিঃশেষ হোৱাৰ সম্ভাৱনাই এতিয়া প্ৰকট ৷

লগতে পঢ়ক : Erosion at Baghbar: মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনালে বড়ো মাতৃসকলে ?

তথ্য অনুসৰি, অঞ্চলটোৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে এম জি এনৰেগা আঁচনিৰ অধীনত 5 টাকৈ আৰ চি চি পাৰকুপাইনৰ বাবে প্ৰায় 50 লাখ টকা মোকলাই দিছিল । আনকি এবছৰ পূৰ্বে আধাৰশিলাও স্থাপন কৰা হৈছিল । কিন্তু আজিলৈকে পাৰ্কুপাইনৰ কাম আৰম্ভ নোহোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

গংগাধৰ নৈত জাহ যোৱাৰ দিশে কটাতাৰৰ বৃহৎ অংশ

ইপিনে প্ৰতি বছৰৰ দৰে এইবেলিও কটাতাঁৰৰ বৃহৎ অংশ উটি যোৱাৰ ফলত আশংকা কৰিছে সীমান্তবাসী ৰাইজে । যিকোনো সময়তে বাংলাদেশী নাইবা দুষ্ট চক্ৰই বি এছ এফ আৰু সীমান্তবাসীৰ ওপৰত আক্ৰমণ কৰিব পাৰে বুলিও সন্দেহ কৰিছে সেই অঞ্চলৰ স্থানীয় ৰাইজে । সেয়ে স্থানীয় ৰাইজে শীঘ্ৰে গৰাখহনীয়াৰ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক : চৰকাৰে ৰাজ্যবাসীক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.