ETV Bharat / state

বিলাসীপাৰাত আৰম্ভ হ'ল বিনামুলীয়া ৰাষ্ট্ৰীয় SWAB নমুনা সংগ্ৰহ অভিযান

author img

By

Published : Apr 26, 2020, 3:52 PM IST

বিলাসীপাৰা দ্বিপৰকুটি মহকুমা অসামৰিক চিকিৎসালয়ত দেওবাৰে পুৱা দহ বজাৰ পৰা আৰম্ভ হয় বিনামূলীয়া ৰাষ্ট্ৰীয় SWAB নমুনা সংগ্ৰহৰ অভিযান ৷ চিকিৎসালয় খনৰ অধীনস্থ তথা দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ ফেৰত তথা ক'ৰণা ভাইৰাছে আক্ৰান্ত লোকৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা লোকসকলক চিকিৎসালয় কৰ্তৃপক্ষই চিনাক্ত কৰি নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰে ৷

ETV BHARAT
বিলাসীপাৰাত আৰম্ভ হ'ল বিনামুলীয়া ৰাষ্ট্ৰীয় SWAB নমুনা সংগ্ৰহ অভিযান

বিলাসীপাৰা, 26 এপ্ৰিলঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰম্ভ কৰা হৈছে বিনামুলীয়া ৰাষ্ট্ৰীয় SWAB নমুনা সংগ্ৰহ কাৰ্যসূচী | দেওবাৰে 70 গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হ'ব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে |

বিলাসীপাৰাত আৰম্ভ হ'ল বিনামূলীয়া ৰাষ্ট্ৰীয় SWAB নমুনা সংগ্ৰহ অভিযান

উল্লেখ্য যে, জিলাখনৰ বিলাসীপাৰা মহকুমাত ৪ গৰাকী লোকৰ কভিড-19ত আক্ৰান্ত হয় | জিলাখনৰ বিলাসীপাৰা দ্বিপৰকুটি মহকুমা অসামৰিক চিকিৎসালয়ত দেওবাৰে পুৱা দহ বজাৰ পৰা আৰম্ভ হয় ৰাষ্ট্ৰীয় SWAB নমুনা সংগ্ৰহৰ অভিযান | চিকিৎসালয় খনৰ অধীনস্থ তথা দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ ফেৰত তথা ক'ৰণা ভাইৰাছে আক্ৰান্ত লোকৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা লোকসকলক চিকিৎসালয় কৰ্তৃপক্ষই চিনাক্ত কৰি নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰে ৷ ইতিমধ্যে উক্ত অঞ্চলৰ একাংশ লোকে স্ব-ইচ্ছাই আৰু লগতে আশা কৰ্মী সকলোৱে চিকিৎসালয় খনত উপস্থিত হৈ নিজৰ নিজৰ নমুনা পৰীক্ষা কৰিবলৈ দিয়ে | দেওবাৰে উক্ত অঞ্চলৰ একোখন গাঁৱৰ পৰা 5 গৰাকী কৈ নমুনা সংগ্ৰহ কৰা হ'ব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনায় | এই বিনামূলীয়া ৰাষ্টীয় নমুনা সংগ্ৰহৰ কাৰ্য ব্যৱস্থা অহা সোমবাৰলৈ অব্যাহত থাকিব বুলি স্বাস্থ্য কৰ্মীয়ে সাংবাদিকৰ আগত সদৰি কৰে | আনহাতে,দেওবাৰে যিসকল লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে তেওঁলোকৰ নমুনা সমুহৰ ৰিপৰ্ট বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰিব | আৰু সোমবাৰৰ ভিতৰতেই নমুনা সমূহৰ ফলাফল পোৱা যাব বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে |

লগতে পঢ়ক- বহিঃজিলাৰ পৰা গোলাঘাট পালেহি 42জনকৈ যাত্ৰী।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.