ETV Bharat / state

বিলাসীপাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰফুল্ল কুমাৰ মহন্তই

author img

By

Published : Jul 14, 2020, 7:21 PM IST

বিলাসীপাৰা আৱৰ্ত ভৱনত দলীয় কৰ্মীৰে বাৰ্তালাপ প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ ইয়াৰ পাচতে সংবাদমেল সম্বোধন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷

সংবাদমেল সম্বোধন প্ৰফুল্ল কুমাৰ মহন্তৰ
বিলাসীপাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰফুল্ল কুমাৰ মহন্তই

পশ্চিম বিলাসীপাৰা, 14 জুলাই : বিলাসীপাৰাত মঙলবাৰে বিয়লি ভাগত উপস্থিত হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ অসম গণ পৰিষদ দলৰ সাংগঠনিক দিশ টনকিয়াল কৰাৰ উদ্দেশ্যৰে উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ বিলাসীপাৰা আৱৰ্ত ভৱনত দলীয় সতীৰ্থসকলৰ সৈতে মত বিনিময় কৰাৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক মহন্তই সাংবাদিকৰে মিলিত হয় ৷

সাংবাদিকৰ আগত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 1985 চনত অগপ চৰকাৰৰ দিনত ৰাজ্যত গঢ় লৈ উঠিছিল কেইবাটাও উদ্যোগ ৷ কিন্তু বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত উদ্যোগসমূহ মৃত্যুমুখত পৰিছে ৷ উল্লেখনীয় যে, বিজেপি আৰু অগপ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অগপ দলৰ কৰ্মীসকলক সকলো ধৰণৰ কামৰ পৰা বঞ্চিত কৰা হৈছে ৷ আনহাতে কৃষক নেতা অখিল গগৈ সন্দৰ্ভতো প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিস্ফোৰক মন্তব্য কৰে ৷ অখিল গগৈক অসাংবিধানিকভাৱে এটাৰ পিছত এটাকৈ গোচৰ জাপি দি বিজেপি চৰকাৰখনে কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি মন্তব্য কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷

লগতে পঢ়ক : মৰিগাঁৱত ক'ভিড হাস্পতাল মুকলি ডিজিপি ভাষ্কৰ জ্যোতি মহন্তৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.