ETV Bharat / state

ধুবুৰীত কাছৰ মাংস ভক্ষণ কৰা বৃদ্ধক আটক বন বিভাগৰ

author img

By

Published : Oct 6, 2020, 5:41 PM IST

Updated : Oct 6, 2020, 10:20 PM IST

ধুবুৰীত কাছৰ মাংস ভক্ষণ কৰা বৃদ্ধক আটক বন বিভাগৰ ৷ সাংবাদিকৰ খবৰৰ ভিত্তিত আটক কৰে লোকজনক ৷

Forest department arrests old man for eating turtle meat in assam Dhubri
ধুবুৰীত কাছৰ মাংস ভক্ষণ কৰা বৃদ্ধক আটক বন বিভাগৰ

ধুবুৰী, 6 অক্টোবৰ : 16 ছেপ্টেম্বৰত 5 জনীয়া এটা দলে ধুবুৰী 'বয়েজ ক্লাৱ'ত কাছ হত্যা কৰি কাছৰ মাংস ভগাই থাকোতে সাংবাদিকে খবৰ পাই খবৰ দিছিল বন বিভাগক । বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিছিল প্ৰায় 15 কিলো ওজনৰ কাছৰ মাংসখিনি ।

মাংসখিনি জব্দ কৰে যদিওঁ পলাই যাবলৈ সক্ষম হয় দুৰ্বৃত্তৰ দলটো । কাছ কাটি থকাৰ চাঞ্চল্যকৰ ভিডিঅ' আৱদ্ধ হৈছিল সাংবাদিকৰ কেমেৰাত । সেই ভিডিঅ'ৰ ভিত্তিত বন বিভাগে প্ৰায় দুই সপ্তাহ পিছত D6 2020 নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্ত সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ।

অৱশেষত উক্ত গোচৰৰ ভিত্তিত আজি নান্টু বীণ নামৰ এজন বৃদ্ধক আটক কৰে ধুবুৰী বন বিভাগে । ধৃত নান্টুক আটক কৰিছে যদিও মূল অভিযুক্ত কেইজন পলাতক অৱস্থাত আছে ।

আনহাতে, মূল অভিযুক্ত ৰাম চন্দ্ৰ গোৱালাক বন বিভাগে ৰহস্যজনকভাৱে ঘটনাৰ সাক্ষী সজাই সোধাপোচাৰ পিচত মুকলি কৰি দিয়া বুলি উল্লেখ কৰে ধুবুৰী বন সংপালক বিষয়া হৰিশ চন্দ্ৰ নাথে ।

লগতে পঢ়ক : চিলাপথাৰৰ গাই নৈত বুৰ গ'ল 12খন ডাম্পাৰ আৰু 2 খন জেচিবি

Last Updated : Oct 6, 2020, 10:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.