ধুবুৰী, 21 জুন : বৰ্তমানেও জটিল হৈ আছে অসমৰ বান পৰিস্থিতি ৷ ৰাজ্যখনৰ 35 খন জিলাৰ ভিতৰত বানত বুৰ গৈছে 32 খন জিলা ৷ 125 টা ৰাজহ চক্ৰৰ অধীনৰ মুঠ 5424 খন গাঁও বানৰ কৱলত পৰাৰ খবৰ পোৱা গৈছে ৷ ASDMA ৰ তথ্য অনুসৰি এই প্ৰলয়ংকৰী বানত আক্ৰান্ত হৈছে 47,72,140 গৰাকী লোক ৷ বৰ্তমানলৈকে বানত 73 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ সোমবাৰে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 11 গৰাকী (Assam flood report 2022)৷
তথ্য অনুসৰি, এই বানত মুঠ 33,84,326 জন্তু ক্ষতিগ্ৰস্ত হৈছে ৷ বানত উটি গৈছে মুঠ 5232 টা জন্তু ৷ বানাক্ৰান্ত অঞ্চল সমূহত NDRF, SDRF, ভাৰতীয় সেনা, অগ্নি নিৰ্বাপক বাহিনী আদিয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ সমগ্ৰ ৰাজ্যত মুঠ 23,1819 লোকে শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে ৷ মুঠ 1425 টা শিবিৰ স্থাপন কৰা হৈছে বান বিধ্বস্ত অঞ্চলত ৷
জানিব পৰা মতে, মুঠ 113485.37 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷ বেকী, পাগলাদিয়া, পুঠিমাৰী, কপিলী, ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বানত আক্ৰান্ত জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে এক বৈঠকত মিলিত হয় ৷ ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ লগতে বানাক্ৰান্তক পৰ্যাপ্ত পৰিমাণৰ সাহায্য যোগানৰ বাবে নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷ যি সমূহ স্থানলৈ উদ্ধাৰকাৰী বাহিনী বা সাহায্য ভৰ্তি নাও আদি যাব পৰা নাই, সেই সমূহ স্থানত হেলিকপ্তাৰেৰে সাহায্য বিতৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মাৰ ৷
বৰ্তমান ধুবুৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলস্তৰ । বিপদ সীমাৰ প্ৰায় ১ মিটাৰ উপৰেদি বৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নি পানী(Flood situation turns critical in Dhubri) । সম্প্ৰতি খাদ্যৰ সংকটত ভুগিছে পশুধন । জলবন্দী হৈ পৰিছে শ শ গাঁৱৰ ৰাইজ । সেয়ে প্ৰাণৰ মমতাত এতিয়া নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে বহু পৰিয়াল ।
ইমানৰ পিচতো এই লোকসকলে চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখ্য যে, নিপকো(NIPCO) আৰু ভূটানৰ পানী এৰি দিয়াৰ পিছতেই নামনিৰ আন কেইখন জিলাৰ লগতে ধুবুৰী জিলাৰ শ শ গাঁও প্লাৱিত হৈ পৰিছে । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ বাঢ়নী পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ সমান্তৰালকৈ জিলাখনৰ ৬৪৫ খন গাঁও বানৰ কৱলত পৰিছে ।
লগতে পঢ়ক : দুৰ্বল কাঠৰ দলঙৰে বিপদসংকুল যাত্ৰা: হাহাকাৰ ৰাইজৰ