ধুবুৰী, 8 জুলাই : বছৰটোৰ প্ৰথমটো বানে বিধ্বস্ত কৰি গ'ল ধুবুৰী জিলাৰ বিস্তীৰ্ণ অঞ্চল। কৰণাতঙ্ক আৰু দীঘলীয়া লক ডাউনৰ ফলত জিলাখনৰ কৃষকসকল ব্যপক ক্ষতিগ্ৰস্ত হোৱাৰ পিছতেই আৰম্ভ হ'ল প্ৰলয়ংকাৰী বান ৷ হাহাকাৰ পৰিস্থিতি সৰ্বশ্ৰান্ত কৃষকৰ মাজত ৷ উচন হ'ল বহুতৰে ঘৰবাৰী । পথাৰতেই পচিছে ৰবি শস্য ৷ প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গৈছে বহু পৰিয়ালৰ ঘৰবাৰী। ঘৰবাৰী এৰি অন্য ঠাইত আশ্ৰয় লৈছে বানাক্ৰান্তই ৷ চাৰিওফালে হাহাকাৰ পৰিস্থিতি ৷

ধুবুৰীৰ ভাষানিৰ চৰৰ প্ৰথম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত ধান খেতি কৰিছিল ছোহৰাব আলী নামৰ খেতিয়কজনে ৷ আঠ বিঘা ইৰিধানৰ খেতি কৰাৰ লগতে প্ৰায় দহ বিঘা মৰাপাটৰ খেতি কৰিছিল খেতিয়কজনে। কিন্তু সকলো শেষ হৈ গ'ল নিমিষতে। হঠাৎ বাঢ়ি অহা পানীয়ে বুৰাই পেলালে আঠ বিঘা ধান খেতি। বুৰ গ'ল দহ বিঘা মাটিত কৰা মৰাপাট খেতি।
একেখন গাঁৱৰে হানিফ আলী নামৰ কৃষকগৰাকীৰো প্ৰায় ষাঠি বিঘা মৰাপাট আৰু ধানখেতিৰ লগতে আছিল তিল খেতি ৷ কিন্তু সকলো এতিয়া পানীৰ তলত ৷ ইপিনে বানৰ কৱলত পৰা চৰাঞ্চলৰ বানাক্ৰান্ত পৰিয়াল আৰু কৃষকসকলক এতিয়ালৈ চৰকাৰৰ ফালৰ পৰা কোনো সাহাৰ্য প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে।

প্ৰলয়ংকাৰী বানৰ কৱলত পৰি জিলাখনৰ মহুৰিৰ চৰৰ ডেৰ শতাধিক পৰিয়াল প্ৰাণৰ ভয়ত ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। বানৰ সোঁতত উটি গৈছে বহুতৰে ঘৰবাৰী। অকল্পনীয় এক ভয়াৱহতাৰ সাক্ষী হৈ ৰৈছে শ শ পৰিয়াল। উল্লেখ্য যে, এইবেলিৰ বানত জিলাখনৰ ৪২৬ খন ৰাজহ গাঁও বানৰ কৱলত পৰিছে ৷ আনহাতে, প্ৰায় ১৫ হাজাৰ হেক্টৰ কৃষিভূমিৰ ক্ষয়-ক্ষতি হোৱাৰ বিপৰীতে ৪১ হাজাৰ ৫৫২ গৰাকী লোক বানৰ কৱলত পৰিছে ৷ ইপিনে দুই লাখৰো অধিক পশুধন বানৰ কৱলত পৰা তথ্য লাভ কৰা হৈছে ৷ ৩৯ টাকৈ গড়কাপ্তানী পথৰো ক্ষতিসাধন হৈছে ৷

এইবেলি বানৰ ফলত দুটাকৈ শিশুৰ সলিল সমাধি ঘটিছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ মুৰব্বী তথা প্ৰকল্প বিষয়া মোফাৰ্জল সৰকাৰে জনোৱা অনুসৰি কেৱল ধুবুৰী ৰাজহ চক্ৰ এলেকাত আঠটা আশ্ৰয় শিৱিৰ স্থাপন কৰা হৈছে। কৰ'ণা ভাইৰাছ আৰু লক ডাউনৰ সমান্তৰালভাৱে বানে বিধ্বস্ত কৰি গৈছে সৰ্বসাধাৰণ ৰাইজৰ জনজীৱন।

লগতে পঢ়ক : চিৰাঙত সহস্ৰাধিক লোকৰ বিপিএফত যোগদান