ETV Bharat / state

গৰাখহনীয়াই নিদ্ৰা হৰিছে পূৱ বিলাসীপাৰাবাসীৰ - বিদ্যালয়

বানৰ লগতে গৰাখহনীয়াৰ কৱলত পূৱ বিলাসীপাৰা ৷ গৰাখহনীয়াৰ গ্ৰাসত বিলীন এখন বিদ্যালয় । লগতে চাপৰ ৰাজহ চক্ৰৰ পুঠিমাৰী অঞ্চলৰ গড়কাপ্তানি পথৰ পকী দলঙৰ এপ্ৰক্স দুটা ভাঙি যোৱাত যিকোনো সময়তে দলংখন উটি যোৱাৰ সম্ভাৱনাই আতংকিত কৰিছে কৰিছে অঞ্চলবাসীয়ে ৷

Flood at East Bilasipara
গৰাখহনীয়াই নিদ্ৰা হৰিছে পূৱ বিলাসীপাৰাবাসীৰ
author img

By

Published : Jul 26, 2020, 2:09 PM IST

পূৱ বিলাসীপাৰা, 26 জুলাই : ৰাজ্যত ক’ভিড-19ৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নামনি অসমৰ ধুবুৰী জিলাবাসীক । ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়াৰ কৱলত পৰিছে জিলাখনৰ চাপৰ ৰাজহ চক্ৰৰ ধীৰেৰচৰ আদি অঞ্চল । শেহতীয়াকৈ দুবাৰকৈ হোৱা সংহাৰী বানত সৰ্বস্ব হেৰুৱাইছে নৈপৰীয়া ৰাইজে ।

আনহাতে, বানৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ গ্ৰাসত বিলীন হ’ল এখন বিদ্যালয় । 2445/B ধীৰেৰচৰ এল পি স্কুলখন ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাত কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । অঞ্চলটোৰ প্ৰাথমিক শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠানখন অতি শীঘ্ৰে পুনঃনিৰ্মাণ কৰি এই শিশুসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে চৰকাৰক অনুৰোধ জনাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে ।

গৰাখহনীয়াই নিদ্ৰা হৰিছে পূৱ বিলাসীপাৰাবাসীৰ

ইফালে, চাপৰ ৰাজহ চক্ৰৰ পুঠিমাৰী অঞ্চলৰ গড়কাপ্তানি পথটো বানত জহি-খহি যোৱাৰ লগতে এখন পকী দলঙৰ এপ্ৰক্স দুটা ভাঙি যোৱাত যিকোনো সময়তে দলংখন উটি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অতি শীঘ্ৰে ভগ্নপ্ৰায় এই দলংখনৰো মেৰামতিৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : বানাক্ৰান্তৰ পৰিস্থিতি বুজ ল’বলৈ চাপৰত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.