ধুবুৰী,3 নৱেম্বৰঃ শনিবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰ বজাৰৰ মাজমজিয়াৰ কাপোৰৰ বজাৰত সংঘটিত হয় অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত জুষ্ট ঘোষ আৰু নিপুন সেনৰ কাপোৰৰ দোকানৰ লগতে আন চাৰিখন গেলামাল আৰু কাপোৰৰ দোকানো ভস্মীভূত হয়৷ অৱশ্যে গৌৰীপুৰ আৰক্ষীৰ তৎপৰতাত অগ্নিনিৰ্বাপক বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । যাৰ বাবে বজাৰখনৰ বহু দোকান-পোহাৰ ভয়ংকৰ বিপদৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰে । ইপিনে এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০ লাখ টকাৰ ক্ষতি সাধন হোৱা বুলি অনুমান কৰা হৈছে৷ উল্লেখ্য যে, বিদ্যুৎ শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ ৰোগীৰ পৰিয়ালৰ