ETV Bharat / state

ৰোগীৰ জীৱনক লৈ চিকিৎসক-ফাৰ্মাচিষ্টৰ হেতালি!

author img

By

Published : Sep 24, 2019, 8:50 AM IST

ফৰিদা ইয়াছমিন নামৰ এটি শিশু কিছুদিনৰ পূৰ্বে অসহ্য ভৰিৰ বিষত আক্ৰান্ত হৈছিল ৷ ইয়াৰ পিচতে চিকিৎসাৰ বাবে বিলাসীপাৰা মহকুমাস্থিত অসামৰিক চিকিৎসালয়লৈ নিয়া শিশুটিক চিকিৎসালয়ৰ পৰা ম্যাদ উকলি যোৱা ঔষধ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

ৰোগীৰ জীৱনক লৈ চিকিৎসক-ফাৰ্মাচিষ্টৰ হেতালি!

বিলাসীপাৰা, 24 ছেপ্টেম্বৰঃ বিলাসীপাৰা মহকুমাস্থিত অসামৰিক চিকিৎসালয়ত ৰোগীক ম্যাদ উকলি যোৱা ঔষধ দিয়াৰ অভিযোগ উত্থাপিত হৈছে একাংশ চিকিৎসাকৰ্মীৰ বিৰুদ্ধে ৷ ইয়াকে লৈ সোমবাৰে চিকিৎসালয় খনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

ৰোগীৰ জীৱনক লৈ চিকিৎসক-ফাৰ্মাচিষ্টৰ হেতালি!

তথ্যনুসৰি বিলাসীপাৰাৰ গুটিপাৰা গাঁৱৰ বাসিন্দা চান্দ মামুদৰ 8 বছৰীয়া কন্যা ফৰিদা ইয়াছমিন কিছুদিনৰ পূৰ্বে অসহ্য ভৰিৰ বিষত আক্ৰান্ত হৈছিল ৷ শিশুটিক অসামৰিক চিকিৎসালয়খনলৈ নিয়াৰ পাচত চিকিৎসকে শিশুটিৰ ভৰিত অস্ত্ৰোপচাৰ কৰে আৰু ঔষধ লিখি দিয়ে ৷ সেই মতে শিশুটিৰ অভিভাৱকে বিনামূলীয়া চৰকাৰী ঔষধ লৈ ঘৰলৈ যায় ৷ কিন্তু শিশুটিৰ অভিভাৱকে জানিবলৈ দিয়া মতে সোমবাৰে চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক বেজী এটা দিবলৈ লওতে বেজীটোৰ ইতিমধ্যে ম্যাদ উকলি গৈছে বুলি পোহৰলৈ আহে ৷ আৰু ইয়াৰ পাচতে শিশুটিৰ অভিভাৱকে ৰোগী আৰু ম্যাদ উকলি যোৱা ঔষধ সহ অসামৰিক চিকিৎসালয়খনত উপস্থিত হয় ৷ ইপিনে চিকিৎসকে অভিভাৱকৰ পৰা ম্যাদ উকলি যোৱা বেজী সমূহ লৈ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলায় বুলি শিশুটিৰ অভিভাৱকে অভিযোগ কৰে ৷ ৰোগীৰ জীৱনক লৈ চিকিৎসালয় খনৰ চিকিৎসক আৰু ফাৰ্মাচিষ্টে এনেদৰে হেতালি খেলাৰ বিষয়ে চৰকাৰ বা বিভাগীয় মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব? ৰাইজৰ প্ৰশ্ন ৷

Intro:Anchor - মানৱ জীনৱক লৈ চিকিৎসক ফাৰ্মাচীষ্টৰ হেতালি খেলাৰ অভিযোগ |
৮ বছৰীয়া শিশুক চিকিৎসাৰ নামত ম্যাদ উকলি যোৱা বেজী দিয়াক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য |
বিলাসীপাৰা মহকুমা (দ্বিপৰকুটি) অসামৰিক চিকিৎসালয়ত সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ কাণ্ডৰ |
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ বিভাগৰ চৰকাৰী চিকিৎসালয়ত কি চলিছে প্ৰত্যক্ষ কৰক |Body:V. O - এই শিশু গৰাকী লৈ মন কৰক | বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত গুটিপাৰা গাঁৱৰ বাসিন্দা চান্দ মামুদৰ ৮ বছৰীয়া কন্যা ফৰিদা ইয়াছমিন | কিছুদিন পুৰ্বে শিশু গৰাকী ভৰিৰ অসহ্য বিষত আক্ৰান্ত হয় | পিছত শিশুটিক যোৱা শনিবাৰে বিয়লি চিকিৎসালয় খনত নিয়ে | চিকিৎসকে শিশুটিৰ ভৰিত অস্ত্ৰোপচাৰ কৰি ঔষদ লিখি দিয়ে | সেই মতে চিকিৎসালয় খনৰ পৰা শিশু জনীৰ অভিভাৱক আন চৰকাৰী বিনামূলীয়া ঔষধৰ লগতে ১৪ টা ( CEFOTAXIME INJECTION IP - 500 mg ) দিয়ে | চৰকাৰী ঔষধ পাতি লৈ ৰোগী জনীক ঘৰত লৈ যায় | কিন্তু ৰোগীজনীৰ অভিভাৱকে জানিবলৈ দিয়া মতে আজি চিকিৎসকৰ পৰামৰ্শ মতে বেজী এটা দিবলৈ লওঁতে বেজীটো ইতিমধ্যে ম্যাদ উকলি যোৱা বুলি প্ৰত্যক্ষ কৰে | পিছত আজি ৰোগী জনী সহ ম্যাদ উকলি যোৱা বেজী ১৪ টা লৈ চিকিৎসালয়ত উপস্থিত হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় |Conclusion:পৰৱৰ্তী সময়ত চিকিৎসকে ৰোগী জনীৰ অভিভাৱকৰ হাতৰ পৰা ম্যাদ উকলি যোৱা বেজী বোৰ লৈ সমুদায় ঘটনা গাপ দিয়াৰ চেষ্ঠা চলায় | উল্লেখযোগ্য যে ৰোগীৰ জীৱনক লৈ চিকিৎসালয় খনৰ চিকিৎসক ফাৰ্মাচীষ্টে এনে হেতালি খেলাৰ বিষয়ে চৰকাৰ বা বিভাগীয় মন্ত্ৰী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হৈ পৰিব |
Byte 1 ৰোগীৰ আত্মীয়,
2. ৰোগীৰ পিতৃ,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.