ETV Bharat / state

আৰৱী ভাষাক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ

author img

By

Published : Oct 9, 2020, 9:40 PM IST

মৌলানা বদৰুদ্দিন আজমল উপস্থিত থকা এখন সভাত আৰৱী ভাষাৰ বেনাৰ বিতৰ্কৰ কোনো কাৰণ নাই, আৰৱী ভাষাটো এটা আন্তঃৰাষ্ট্ৰীয় ভাষা ৷ শুকুৰবাৰে সংবাদ মাধ্যমযোগে এই মন্তব্য প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মহিবুল হকে ৷

মহিবুল হক
মহিবুল হক

ধুবুৰী, 9 অক্টোবৰ: শেহতীয়াকৈ আৰৱী ভাষাৰ বেনাৰ বিতৰ্ক অব্যাহত থকাৰ সময়তে আৰবী ভাষা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ৷ মৌলানা বদৰুদ্দিন আজমল উপস্থিত থকা এখন সভাত আৰৱী ভাষাৰ বেনাৰ বিতৰ্কৰ কোনো কাৰণ নাই, আৰৱী ভাষাটো এটা আন্তঃৰাষ্ট্ৰীয় ভাষা বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

ইয়াৰোপৰি তেওঁ কয়, ইংৰাজী ভাষা যেনেদৰে আন্তঃৰাষ্ট্ৰীয় ভাষা তেনেদৰে আৰৱীও আন্তঃৰাষ্ট্ৰীয় ভাষা ৷ ইয়াত সমালোচনামূলক একো নাই ৷ আৰৱী ভাষাটো ভাৰতবৰ্ষত শ শ বছৰ আগৰে পৰাই ব্যৱহাৰ হৈ আহিছে । ৭১ খন বিশ্ববিদ্যালয়ত আৰৱী ভাষা চলি আছে । লগতে ১৩.৯ মিলিয়ন ভাৰতীয় মানুহে আৰৱী ভাষা ব্যৱহাৰ কৰি আহিছে ৷ গতিকে আৰৱী ভাষাক লৈ আজমলক সমালোচনা কৰাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে মহিবুল হকে ৷

আৰৱী ভাষাক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ

মুঠৰ ওপৰত মহিবুল হকে বিভিন্ন সময়ত আজমলক সমালোচনা কৰিলেও, এইবাৰ তাৰ সম্পূৰ্ণ বিপৰীত ৰূপ দেখিবলৈ পোৱা গ'ল ৷ উল্লেখ্য যে, গোৱালপাৰাত অনুষ্ঠিত এখন দলীয় সভাত আৰৱী ভাষাৰে লিখা এখন বেনাৰ ব্যৱহাৰ কৰিছিল বদৰুদ্দিন আজমলে ৷ তাৰ পাচৰ পৰাই ভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে বুলি সংবাদ মাধ্যমযোদে উল্লেখ কৰা প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ সমগ্ৰ বিষয়কে তেওঁ এক প্ৰকাৰৰ ৰাজনীতি বুলি উল্লেখ কৰিছে ৷ কিয়নো সমাগত 21 ৰ নিৰ্বাচন ৷

লগতে পঢ়ক: মঙলদৈত নৱনিৰ্মিত বনভোজস্থলীৰ শুভ উদ্বোধন স্থানীয় বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.