ETV Bharat / state

ব্ৰহ্মপুত্ৰত বিলীন হোৱা দিশত দক্ষিণ শালমাৰাৰ 10 খন গাঁও - Etv Bharat

দক্ষিণ শালমাৰা সমষ্টিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল পাটাকাটা অঞ্চলৰ ঐতিহ্যবাহী বজাৰৰ বৃহৎ অংশ ।

ব্ৰহ্মপুত্ৰত বিলীন হোৱা দিশত দক্ষিণ শালমাৰাৰ 10 খন গাঁও
author img

By

Published : May 10, 2019, 8:05 AM IST

ধুবুৰী. 10 মে' : ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই কালৰূপ ধাৰণ কৰি দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ টুমুনী, পাটাকাটা, মনিৰচৰ, হাজিৰহাট, কাটডাঙাকে ধৰি প্ৰায় 10 খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে । ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই বৃহস্পতিবাৰে খহাই নিয়ে দক্ষিণ শালমাৰাৰ প্ৰাণকেন্দ্ৰ হিচাপে বিবেচিত ঐতিহাসিক পাটাকাটা বজাৰখনৰ বৃহৎ অংশ ৷ এই বজাৰখনত ইতিমধ্যে কেইবাখনো পঞ্চায়তৰ লোকে ব্যৱসায় বাণিজ্য কৰি আহিছিল ।

ব্ৰহ্মপুত্ৰত বিলীন হোৱা দিশত দক্ষিণ শালমাৰাৰ 10 খন গাঁও

ব্ৰহ্মপুত্ৰৰ কালৰূপী গৰাখহনীয়াৰ ফলত আতংকিত হৈ পৰিছে বজাৰখনৰ ব্যৱসায়ীসকলৰ লগতে বৃহত্তৰ আঞ্চলটোৰ ৰাইজ । শীঘ্ৰেই প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ব কেইবাখনো গাঁও ৷ গৃহহাৰা হ'ব শ শ পৰিয়াল । সমষ্টিবাসী বিপদত পৰি হাহাকাৰ কৰি থকাৰ সময়তো খবৰ ল'বলৈ আহৰি নাই স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ।

SLUG- A_DHB_812_815_9MAY_DANGER_ERROSION_VIS_SHAHANUR
( Files send through FTP )

     oc/vo:- দক্ষিণ শালমাৰা সমষ্টিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চপৰা চপৰে খহিছে দক্ষিণ শালমাৰা সমষ্টিৰ পাটাকাটা অঞ্চলৰ ঐতিহ্য। চকুৰ পলকতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গল এখন ঐতিহাসিক বজাৰৰ বৃহৎ অংশ। হৃদয় কঁপি উঠা গৰাখহনীয়াৰ এক ভয়ংকৰ দৃশ্য। বজাৰ নহয় যেন এফালৰ পৰা খহিছে দক্ষিণ শালমাৰাৰ হৃদয়। দৰাচলতে দক্ষিণ শালমাৰাৰ পাটাকাটা অঞ্চলৰ এক বহু পুৰণি ঐতিহ্যবাহী বজাৰ। যিখন বজাৰত কেইবাখনো পঞ্চায়তৰ লোক ব্যৱসায় বাণিজ্য কৰি আহিছে। দক্ষিণ শালমাৰাৰ প্ৰাণকেন্দ্ৰ হিচাপে বিবেচিত পাটাকাটা বজাৰখন আজি আৰু নাই। বজাৰ খনৰ বৃহৎ অংশ আজি খহাই নিয়ে ব্ৰহ্মপুত্ৰৰ কালৰূপী গৰাখহনীয়াই। ফলত আতংকিত হৈ পৰিছে বজাৰখনৰ ব্যৱসায়ী সকলৰ লগতে বৃহত্তৰ আঁচলটোৰ ৰাইজে। কাৰণ কেৱল এইখন বজাৰেই নহয় ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াই কালৰূপ ধাৰণ কৰি দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ টুমুনী, পাটাকাটা, মনিৰচৰ, হাজিৰহাট, কাটডাঙাকে ধৰি প্ৰায় ১০ খনকৈ গাওঁৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। প্ৰতি বছৰৰ দৰে এইবেলিও গৰাখহনীয়াই এইদৰে ত্ৰাসৰ সৃষ্টি কৰিলে ইখনৰ পিছত সিখন গাঁও ব্ৰহ্মপুত্ৰত বিলীন হওঁতে বেছিদিন নালাগিব। শীঘ্ৰেই প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গৃহহাৰা হ'বলগা হব পাৰে শ শ পৰিয়াল। ইপিনে সমষ্টিবাসী বিপদত পৰি হাহাকাৰ কৰি থকাৰ সময়তো স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ খবৰ লবলৈ আহৰি নাই। আনহাতে জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.