ETV Bharat / state

বিলাসীপাৰাত শক্তি খণ্ড ব্যক্তিগতকৰণক লৈ অৱস্থান ধৰ্মঘট

বুধবাৰে বিলাসীপাৰাত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ দিনজোৰা অৱস্থান ধৰ্মঘট ৷ শক্তি খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে এই অৱস্থান ধৰ্মঘট ৷

author img

By

Published : Feb 3, 2021, 9:31 PM IST

electricity workers protest
বিলাসীপাৰাত শক্তি খণ্ড ব্যক্তিগতকৰণক লৈ অৱস্থান ধৰ্মঘট

বিলাসীপাৰা,3 ফেব্ৰুৱাৰী : বিলাসীপাৰাত বুধবাৰে ৰূপায়ণ কৰা হয় বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ দিনজোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী । শক্তি খণ্ড ব্যক্তিগতকৰণৰ বিৰুদ্ধে এই অৱস্থান ধৰ্মঘট পালন কৰে কৰ্মচাৰীসকলে ৷

বিদ্যুৎ কৰ্মচাৰী, অভিযন্তা আৰু পেঞ্চনাৰ সমন্বয়ৰক্ষী সমিতিৰ, অসম শাখাই বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰূপায়ন কৰে ধৰ্মঘট কাৰ্যসূচী । এই কাৰ্যসূচীত সমূহ বিদ্যুৎ কৰ্মচাৰী, বিষয়া আৰু পেঞ্চনাৰসকল উপস্থিত থাকে ।

বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিয়ে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহাৰ পাছতো কেন্দ্ৰীয় তথা অসম চৰকাৰে দেশৰ শক্তি খণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বাতিল নকৰাৰ ক্ষোভ উজাৰে কৰ্মচাৰীসকলে ৷ সেয়েহে বিভিন্ন শ্ল’গানেৰে কাৰ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : কামপুৰস্থিত নগাঁও সমবায় চেনীকলত চোৰৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.