ETV Bharat / state

ধুবুৰীত অগপ-বিজেপি-বিপিএফ মিত্ৰ দলৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 21, 2019, 7:58 PM IST

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে অগপ-বিজেপি-বিপিএফ মিত্ৰ দলে

ধুবুৰীত অগপ-বিজেপি-বিপিএফ মিত্ৰ দলৰ নিৰ্বাচনী প্ৰচাৰ

ধুবুৰী, ২১ এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে অগপ-বিজেপি-বিপিএফ মিত্ৰ দলে ৷ আজি অন্তিম দিনা দুখনকৈ হেলিকপ্তাৰ লৈ ধুবুৰীৰ গৌৰীপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি মিত্ৰ দলৰ কেইবাজনো নেতায়ে ৷

গৌৰীপুৰৰ মহামায়া খেলপথাৰত আয়োজিত এই নিৰ্বাচনী সভাত হেলিকপ্তাৰ লৈ উপস্থিত হয় সাংসদ বিশ্বজিত দৈমাৰী ৷ সভাত উপস্থিত হৈ আজমলৰ বাবেই অসম তথা ধুবুৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ উন্নয়ন মূলক আঁচনিৰ পৰা বঞ্চিত হৈছে বুলি আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিশ্বজিত দৈমাৰীয়ে ৷

খন্তেক পিছত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আন এখন হেলিকপ্তাৰ লৈ উপস্থিত হয় নিৰ্বাচনী প্ৰচাৰ স্থলীত ৷ ৰঞ্জিত দাসে নিজৰ ভাষণত অসমৰ চৈধ্য খন আসনৰ ভিতৰত 13 খন আসনেই বিজেপি আৰু মিত্ৰদলে লাভ কৰিব বুলি প্ৰকাশ কৰে ৷

অৱশেষত নিৰ্বাচনী প্ৰচাৰ সভাত আকৌ এবাৰ মোডী চৰকাৰৰ গীতৰ তালে তালে বিজেপি আৰু মিত্ৰ দলৰ নেতা কৰ্মীয়ে নৃত্যত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ৷

SLUG- A_DHB_805_810_21APRIL_TWO_HELICOPTER_CAMPAIGN_VIS+BYTE_SHAHANUR
( Files send through MOJO )

     oc/vo:- তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে অগপ বিজেপি বিপিএফ মিত্ৰ দলে। আজি অন্তিম দিনা দুখনকৈ হেলিকপ্টাৰ লৈ ধুবুৰীৰ গৌৰীপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি মিত্ৰ দলৰ কেইবাজানো নেতাই। গৌৰীপুৰ মহামায়া খেল পথাৰত আয়োজিত নিৰ্বাচনী সভাত প্ৰথমতে হেলিকপ্টাৰ লৈ উপস্থিত হৈ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আজমলক সমালোচনা কৰি আজমলৰ বাবেই অসম তথা ধুবুৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ উন্নয়ন মূলক আঁচনিৰ পৰা বঞ্চিত হৈছে বুলি ভাষণত আৰু সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

      আনহাতে ক্ষন্তেক পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আন এখন হেলিকপ্টাৰ লৈ উপস্থিত হয় সভাস্থলীত। ৰঞ্জিত দাসে নিজৰ ভাষণত অসমৰ চৈধ্য খন আসনৰ ভিতৰত বিজেপি আৰু মিত্ৰ দলে কেনেকৈ কেইখন আসন পাব সেয়া স্পষ্ট কৰি কলে তেৰ খন আসন পাব মিত্ৰ দল আৰু বিজেপিয়ে।

      ধুবুৰীত বিজেপিৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ সভাত দেখা গল আকৌ এবাৰ মোডী চৰকাৰৰ গীতৰ তালে তালে বিজেপি আৰু মিত্ৰ দলৰ নেতা কৰ্মীয়ে নৃত্যত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.