পূৱ বিলাসীপাৰা, 12 জুলাই : লক ডাউনৰ মাজতে পূৱ বিলাসীপাৰাৰ চাপৰৰ আৰেয়াঝাৰত সচেতন যুৱকৰ অভিনৱ পদক্ষেপ ৷ আঘাতপ্ৰাপ্ত বগলীৰ শুশ্ৰূষা কৰি যুৱকজনে বন বিভাগক গতালে বগলীটো ৷
উল্লেখ্য যে, মৎস্য চিকাৰৰ বাবে আহিছিল বগলীটো ৷ ফিছাৰীত মাছ খাবলৈ গৈ বগলীটোৱে পাতি থোৱা জালত বন্দী হৈ পৰে ৷ মৃত্যুৰে যুঁজি থকা বগলীটোৱে উৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হৈছিল ৷
সেই সময়ত ফিছাৰীটোৰ গৰাকী ইছমাইল হুছেইন বগলীটোৰ মৰণকাতৰ অৱস্থা দেখি বগলীটো উদ্ধাৰ কৰে ৷ জালৰ পৰা তুলি আনি বগলীটোৰ শুশ্ৰূষা আৰম্ভ কৰে যুৱকজনে ৷ সামান্য সুস্থ হোৱাৰ পিছতে বগলীটো লৈ বন বিষয়াৰ ওচৰত উপস্থিত হয় ইছমাইল হুছেইনে ৷
বন বিভাগে বগলীটোক সুস্থ কৰাই পুনৰ বহলপুৰৰ বনাঞ্চলত এৰি দিয়ে ৷ চাপৰৰ যুৱকজনৰ এই প্ৰচেষ্টাৰ শলাগ লয় প্ৰকৃতিপ্ৰেমী লোকে ৷ আনহাতে, যুৱকজনে সকলোকে বন্য পশু-পক্ষী ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : ধেমাজিত নলাত পৰি এজনৰ মৃত্যু