ETV Bharat / state

ই-ৰিক্সা সন্থাৰ উত্তাল প্ৰতিবাদত স্তব্ধ ধুবুৰী জিলা

author img

By

Published : Dec 4, 2019, 8:25 PM IST

ই-ৰিক্সা পঞ্জীয়নৰ বাবে ধুবুৰী পৌৰসভাত হিতাধিকাৰী সকলে দুই হাজাৰ টকাকৈ জমা দিছিল । সম্প্ৰতি ধুবুৰী পৰিবহণ বিভাগে ই-ৰিক্সা সমূহৰ পুনৰ পঞ্জীয়নৰ বাবে অতিৰিক্ত জৰিমনা বিহা কাৰ্যত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ই ৰিক্সা সন্থাই ৷

ETV BHARAT
ই-ৰিক্সা সন্থাৰ উত্তাল প্ৰতিবাদত স্তব্ধ ধুবুৰী জিলা

ধুবুৰী, 4 ডিচেম্বৰঃ ধুবুৰীত ই-ৰিক্সাৰ নামত হাৰাশাস্তিৰ অভিযোগ পৰিবহণ বিভাগৰ বিৰুদ্ধে । সাত দফীয়া দাবী পূৰণ কৰাৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী ই-ৰিক্সাচালকসকলে ।

ই-ৰিক্সা সন্থাৰ উত্তাল প্ৰতিবাদত স্তব্ধ ধুবুৰী জিলা

ধুবুৰীত সহস্ৰাধিক নিবনুৱাই ই-ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ লগতে পৰিয়াল পোহপাল দি আহিছে । কিন্তু অতি দুখৰ বিষয় যে, ই ৰিক্সাচালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয় জিলা পৰিবহন বিভাগৰ বিৰুদ্ধে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি দুবছৰ পূৰ্বে ধুবুৰী চহৰৰ এইসকল নিবনুৱা যুৱকে বিভিন্ন কোম্পানীৰ ই-ৰিক্সা জিলাখনৰ বিভিন্ন দোকানৰ পৰা ক্ৰয় কৰি চলাই আহিছিল ৷ কিন্তু জিএছটি আৰু ভেট আদায় দি ক্ৰয় কৰা ই-ৰিক্সা সমূহ ধুবুৰী পৌৰসভাত পঞ্জীয়নৰ বাবে দিছিল দুই হাজাৰ টকাকৈ। সম্প্ৰতি ধুবুৰী পৰিবহণ বিভাগে ই-ৰিক্সা সমূহৰ অতিৰিক্ত জৰিমনা বিহাৰ লগতে চীনত নিৰ্মিত ই-ৰিক্সা চলাচল বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি এক গুৰুতৰ অভিযোগ কৰে । আজি বিভিন্ন দাবী লৈ ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ই-ৰিক্সাৰ চলাচল বন্ধ কৰি হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক- চপৰা চপৰে খহিছে বৰলীয়াৰ পাৰ : সৰ্বস্বান্ত নৈপৰীয়া ৰাইজ

Intro:ধুবুৰীত ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ। সাত দফীয়া দাবীৰ ভিত্তিত ই-ৰিক্সা সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান। চাইনা ই-ৰিক্সৰ নামত হাৰাশাস্তিৰ অভিযোগ পৰিবহণ বিভাগৰ বিৰুদ্ধে।

Body:

ধুবুৰীত সহস্ৰাধিক নিবনুৱাই ই-ৰিক্সা চলাই নিজে স্বাৱলম্বী হোৱাৰ বিপৰীতে পৰিয়াল পোহপাল দিয়াৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে। কিন্তু আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছে এই সকল ই-ৰিক্সা সন্থাৰ। চালক সকলে। এওঁলোকৰ অভিযোগ অনুসৰি দুবছৰ পূৰ্বে ধুবুৰী চহৰৰ এই সকল নিবনুৱা যুৱকে বিভিন্ন কোম্পানীৰ ই-ৰিক্সা ধুবুৰী জিলাৰ বিভিন্ন দোকানৰ পৰা ক্ৰয় কৰি চলাই দৈনিক তিনিশ টকাৰ পৰা এহেজাৰ টকালৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। সেই সময়ত জি এছ টি আৰু ভেট আদায় দি ক্ৰয় কৰা ই-ৰিক্সা সমূহ ধুবুৰী পৌৰসভাত পঞ্জীয়নৰ বাবে দিছে দুই হাজাৰ টকাকৈ। যদিওঁ সম্প্ৰতি ধুবুৰী পৰিবহণ বিভাগে এই সমূহ ই-ৰিক্সা চাইনা ই-ৰিক্সা বুলি দাবী কৰাৰ বিপৰীতে ই-ৰিক্সা সমূহৰ জৰিমনা বিহাৰ লগতে চাইনা ই-ৰিক্সা চলাচল বন্ধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উঠিছে। আজি বিভিন্ন দাবী লৈ ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত এইদৰে ই-ৰিক্সাৰ চলাচল বন্ধ কৰি হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Byte:- ছেলিম শেখ, জিলা সভাপতি, ই-ৰিক্সা সন্থা।

Conclusion:উল্লেখযোগ্য যে, যি সময়ত পশ্চিম বংগৰ পৰা ই-ৰিক্সা সমূহ আমদানি কৰা হৈছিল ধুবুৰীত আৰু এই সকল চালকে ধুবুৰীৰ বিভিন্ন দোকানৰ পৰা ই-ৰিক্সা সমূহ ক্ৰয় কৰিছিল সেই সময়ত চকু বন্ধ কৰি থকা জিলা পৰিবহণ বিভাগে এতিয়া সাৰ পাই উঠিছে। এতিয়া ক্ষুব্ধ ই-ৰিক্সা চালক সকলে প্ৰয়োজনত জংগী আন্দোলনৰ লগতে দিছপুৰ ঘেৰাও কাৰ্য্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.