ETV Bharat / state

ধুবুৰীত ক’ভিড ডিউটিৰ নাম ফলক লগোৱা বাহনত জব্দ ড্ৰাগছ

author img

By

Published : Jun 11, 2021, 8:32 AM IST

ধুবুৰীৰ গৌৰীপুৰত স্বাস্থ্যকৰ্মী কঢ়িওৱা বাহনত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ । ক’ভিড (Covid) ডিউটিৰ নাম ফলক লগোৱা বাহনৰ পৰা ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী ।

ধুবুৰীত ক’ভিড ডিউটিৰ নাম ফলক লগোৱা গাড়ীত জব্দ ড্ৰাগছ

ধুবুৰী, 11 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ধুবুৰী আৰক্ষীয়ে জব্দ কৰে বহু পৰিমাণৰ নিচাজাতীয় টেবলেট ৷

ভয়ংকৰ কথাটো হ’ল যে, ক’ভিড (Covid) ডিউটিৰ নাম ফলক লগোৱা এখন AS17 C 2571 নম্বৰৰ বাহনৰ পৰা জব্দ ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী (Drugs Paddler) । ড্ৰাগছ সৰবৰাহকাৰী (Drugs Paddler) জন হৈছে গৌৰীপুৰ নাঈদাৰ গাঁৱৰ বাসিন্দা মনসেৰ আলী ৷

প্ৰাপ্ত তথ্য অনুসৰি, হালাকুৰাৰ পৰা AS17 C 2571 নম্বৰৰ স্বাস্থ্যকৰ্মী কঢ়িওৱা বাহনখন গৌৰীপুৰ অভিমুখে আহি আছিল । আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নেৱাৰৰ নেতৃত্বত চলোৱা বৈছিল এই অভিযান ৷ এই অভিযানত মনসেৰ আলী নামৰ যুৱক জনৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় টেবলেট ৷

জানিব পৰা মতে, জব্দ হোৱা নিচাজাতীয় টেবলেটখিনি ধুবুৰী চহৰত বিক্ৰীৰ বাবে আনিছিল যুৱক জনs । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মনসেৰ আলী নামৰ যুৱক জনৰ বিৰুদ্ধে পূৰ্ৱতেও ড্ৰাগছৰ লগত জড়িত বহু তথ্য আছে ৷ ড্ৰাগছৰ বাবে মনসেৰ আলীয়ে এবাৰ ৰঙাঘৰৰ আলহীও হ’ব লগাত পৰিছিল ৷ এই সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত ড্ৰাগছ আসক্ত যুৱকৰ আক্ৰমণত আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.