ETV Bharat / state

মুখ্যমন্ত্ৰীৰ হুংকাৰ বনাম ড্ৰাগছ মাফিয়াৰ তাণ্ডৱ

মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ বিৰুদ্ধে হুংকাৰ দিয়াৰ সমান্তৰালভাৱে ৰাজ্যত চলি আছে ড্ৰাগছ ব্যৱসায়ী(drugs mafia)ৰ তাণ্ডৱ ৷ শনিবাৰে,ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দুখন জিলাত উপস্থিত হৈ ড্ৰাগছ দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ একেদিনাই ধুবুৰীত উদ্ধাৰ হ’ল ডেৰ লক্ষাধিক টকাৰ ড্ৰাগছ ৷

drugs-seized-in-east-bilasipara
মুখ্যমন্ত্ৰীৰ হুংকাৰ বনাম ড্ৰাগছ মাফিয়াৰ তাণ্ডৱ
author img

By

Published : Jul 18, 2021, 10:20 AM IST

পূৱ বিলাসীপাৰা, 18 জুলাই : শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta bishwa Sarma)ই কাৰ্বি আংলং জিলাৰ ডিফুৰ লগতে গোলাঘাটত উপস্থিত হৈ ড্ৰাগছ দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ বিগত দুটা মাহে অসম আৰক্ষীৰ (Assam Police) নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানৰ সফলতাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই ড্ৰাগছ দাহ কৰা কাৰ্যসূচীত অংশ লোৱাত এই ব্যৱসায়ৰ প্ৰকোপ কমিব বুলি আশা কৰিছিল ৰাজ্য বাসীয়ে ৷ কিন্তু, শনিবাৰে নিশাই আৰক্ষীৰ অভিযানত ধুবুৰী জিলাত উদ্ধাৰ হ’ল ড্ৰাগছ ৷

মুখ্যমন্ত্ৰীৰ হুংকাৰ বনাম ড্ৰাগছ মাফিয়াৰ তাণ্ডৱ

জিলাখনৰ চাপৰ আৰক্ষী (Sapor Police), মহকুমা আৰক্ষী বিষয়া (SDPO) আৰু C-48 CRPF ৰ বেটেলিয়ান বিলাসীপাৰাৰ সহোযোগত চলিল এই সফল অভিযান । এই অভিযানত চাপৰৰ কাজিপাৰা গাঁৱৰ এঘৰ লোকৰ ঘৰৰ পৰা চাাপৰ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৭০ টা নিষিদ্ধ ব্ৰাউন ছুগাৰ ভৰ্তি কণ্টেইনাৰসহ ১৭৭ টা খালি কণ্টেইনাৰ ৷ জব্দকৃত নিষিদ্ধ ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য ডেৰ লক্ষাধিক হ'ব বুলি জানিব পৰা গৈছে ।

ঘটনাৰ লগত জড়িত ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে যদিও তদন্তৰ খাতিৰত নাম ৰাজহুৱা কৰা নাই আৰক্ষীয়ে । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, এই সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্ত অব্যাহত আছে ৷

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ হাতত লোৱাৰ লগে লগেই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি হাতত লৈছিল ৷ তেওঁৰ এই স্থিতিত সমৰ্থন জনাই অসম আৰক্ষীৰ প্ৰতিখন জিলাৰ আৰক্ষী বিষয়া, জোৱানে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান চলাই আছে ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিধান সভাত উল্লেখ কৰিছে যে, অসমত ড্ৰাগছৰ নামত প্ৰায় 400 কোটি টকাৰ ব্যৱসায় চলি আছে ৷

লগতে পঢ়ক : ভেকচিন কেন্দ্ৰ বন্ধ কৰাৰ প্ৰতিবাদত অনশন ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.