ETV Bharat / state

চাপৰত জব্দ ড্ৰাগছ: আটক দুজন - bilasipara police

ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান ৷ এইবাৰ চাপৰত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ আটক দুই সৰবৰাহকাৰী ৷

drugs seized at bilasipara
চাপৰত জব্দ ড্ৰাগছ
author img

By

Published : Jul 20, 2021, 5:38 PM IST

পূৱ বিলাসীপাৰা, 20 জুলাই : ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযান জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চাপৰতো আৰক্ষীয়ে চলাই ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷

মঙলবাৰে পুনৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ ৷ প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা এখন আল্ট্ৰা বাছত ড্ৰাগছ সৰবৰাহৰ গোপন তথ্য লাভ কৰে আৰক্ষীয়ে । সেই সূত্ৰে চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত পুৱাৰে পৰা চাপৰ আৰক্ষীয়ে বহলপুৰৰ অস্থায়ী তালাচী চকীত অভিযান অধিক কটকটীয়া কৰি তোলে ।

চাপৰত জব্দ ড্ৰাগছ

অৱশেষত AS-01 EC-5274 নম্বৰৰ আলট্ৰা বাছখনত তালাচী চলোৱাত ব্ৰাউন চুগাৰখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ৷ বাছখনত তালাচী চলোৱাৰ সময়ত মূল সৰবৰাহকাৰীজনে আৰক্ষীৰ অভিযানৰ উমান পাই পলাই যাবলৈ সক্ষম হয় ৷ কিন্তু ঘটনা সন্দৰ্ভত আৰক্ষীৰ দলটোৱে আটক কৰে দুজন ব্যক্তিক ৷

আটকাধীন দুজন ব্যক্তিৰ নাম ক্ৰমে ৰহমান শ্বেখ(তামাৰহাট), সাহিদুৰ ৰহমান (ধুবুৰী, আদাবাৰী) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে এই সংক্ৰান্তত ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ অন্তত ড্ৰাগছ সন্দৰ্ভত অধিক তথ্য লাভৰ সন্দেহ কৰিছে আৰক্ষীৰ দলটোৱে ৷

উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈকে 1,493 জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে 163 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে ৷ বিগত দুটা মাহত অসম আৰক্ষীয়ে 19 কিল’গ্ৰাম হেৰ'ইন, 8,276 কিল’গ্ৰাম গাঞ্জা, 14 কিল’গ্ৰাম অপিয়াম, 67,650 টা কফ চিৰাপ, 12,93,000 টা নিচাযুক্ত টেবলেট, 1,920 কিল’গ্ৰাম মৰফিন, 33,014 সংখ্যক পপিষ্ট, 1 কোটি টকা নগদ ধন, 13,630 টকা মূল্যৰ বিদেশী মুদ্ৰা, 6.80 লাখ নকল টকা জব্দ কৰাৰ ওপৰিও 31 বিঘা ভূমিৰ গাঞ্জা খেতি ধ্বংস কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলক কেন্দ্ৰ কৰি উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.