ধুবুৰী, 1 জুন: ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান ৷ দীৰ্ঘদিন ধৰি ধুবুৰীৰ বালাজান অঞ্চলত একাংশ লোকে ড্ৰাগছ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । তেনে এক গোপন তথ্যৰ ভিত্তিত মঙলবাৰে বালাজান আৰক্ষীয়ে অভিযান চলাই বালাজান অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়া মোজাম্মেল হকক ।
বালাজান আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা চলাৰ অন্তত ধৃত যুৱকজনক লগত লৈ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নেৱাৰৰ নেতৃত্বত বালাজানৰ ভিন্ন স্থানত চলিছিল এই অভিযান । অভিযানত বহু পৰিমাণৰ নিচাজাতীয় টেবলেট, কফ ছিৰাফৰ লগতে নগদ টকা জব্দ কৰিবলৈ সক্ষম হয় । ধৃত মোজাম্মেলৰ ঘৰ ধুবুৰী জিলাৰ দেৱত্তৰ হাসদহ ৫ম গাঁৱত ।
লগতে পঢ়ক: ব্লেক ফাংগাছৰ চিকিৎসাক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ