ETV Bharat / state

চাপৰ আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী - সৰবৰাহকাৰী

সোমবাৰে নিশা চাপৰ আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান । অভিযানত এজন ড্ৰাগছ ব্যৱসায়ী আটক হোৱাৰ লগতে জব্দ কৰা হৈছে বহু পৰিমাণে নিষিদ্ধ নিচাযুক্ত টেবলেট ।

drugs pedller arrested
চাপৰ আৰক্ষীৰ অভিযানত আটক এজন ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : May 25, 2021, 9:38 AM IST

Updated : May 25, 2021, 10:51 AM IST

পূৱ বিলাসীপাৰা,২৫ মে’: কৰ'ণা মহামাৰী সৃষ্ট আংশিক লক ডাউনৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি পূৱ বিলাসীপাৰাৰ চাপৰত অব্যাহত আছে অবৈধ নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা । উল্লেখযোগ্য যে, সোমবাৰে চাপৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চাপৰৰ বিভিন্ন ঠাইত অভিযান চলায় । আৰক্ষীয়ে এই অভিযানত এজন ব্যক্তিক অবৈধ নিচাজাতীয় সামগ্ৰীৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ।

চাপৰ আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী

আটকাধীন ব্যক্তিজনৰ নাম নুৰ মহম্মদ ৷ জানিব পৰা মতে, ব্যক্তিজনৰ পৰা বহু পৰিমাণে নিষিদ্ধ নিচাযুক্ত টেবলেটসহ কিছু পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

উল্লেখযোগ্য যে, ৰাজ্যৰ শাসনভাৰ লৈ নতুন চৰকাৰখন অহাৰ লগে লগেই সমগ্ৰ ৰাজ্যতে এতিয়া ড্ৰাগছ সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে উঠি-পৰি লাগিছে অসম আৰক্ষী ৷

লগতে পঢ়ক: উত্তৰ পূৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক: 4149 গাহৰিৰ মৃত্যু

Last Updated : May 25, 2021, 10:51 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.