ETV Bharat / state

চাপৰত আৰক্ষীৰ জালত নিষিদ্ধ নিচাজাতীয় টেবলেট সৰবৰাহকাৰী - Drugs peddler arrested at Sapor

অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে চাপৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে দুজন নিচাজাতীয় টেবলেট সৰবৰাহকাৰীক ৷

drugs-peddler-arrested-at-sapor
চাপৰত আৰক্ষীৰ জালত নিষিদ্ধ নিচাজাতীয় টেবলেট সৰবৰাহকাৰী
author img

By

Published : Jul 22, 2021, 10:51 PM IST

পূৱ বিলাসীপাৰা,22 জুলাই: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে চাপৰত অভিযান চলাই আৰক্ষীয়ে হাতে লোটে আটক কৰে এজন নিচাযুক্ত টেবলেটৰ ব্যৱসায়ীক ৷ আটকাধীন ব্যৱসায়ীজন বঙাইগাঁও জিলাৰ খেলুপাৰাৰ পঞ্চম খণ্ডৰ গাঁৱৰ জাহানউদ্দিন বুলি জানিব পৰা গৈছে ৷ ধৃত জাহানউদ্দিনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত টেবলেট ৷

আৰক্ষীয়ে জনোৱা অনুসৰি চাপৰৰ পাখিৰিতল বজাৰৰ পৰা এখন প্লেটিনা বাইক সহ আটক কৰা হয় ধৃত ব্যক্তিজনক৷ আৰক্ষীয়ে জব্দ কৰা বাইকখনৰ নম্বৰ UP 14 AV 5317 বুলি জনাইছে আৰক্ষীয়ে ৷ আনহাতে ঘটনা স্থালীৰ পৰা পলায়ন কৰে আন এজন টেবলেটৰ ব্যৱসায়ী ৷ পলাতক জনৰ সন্ধানত বৰ্তমান অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

চাপৰত আৰক্ষীৰ জালত নিষিদ্ধ নিচাজাতীয় টেবলেট সৰবৰাহকাৰী

স্থানীয় ৰাইজে জনোৱা অনুসৰি, চাপৰ অঞ্চলটো যেন বৰ্তমান নিচাযুক্ত দ্ৰব্যৰ ৰম্য ভূমিলৈ পৰিণত হৈছে ৷ আৰক্ষীয়ে অভিযান চলাই আছে যদিও ইয়াৰ মাজতে একাংশ দুষ্ট লোকে অব্যাহত ৰাখিছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়৷

উল্লেখ্য যে,ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইয়াৰ পাছতে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম আৰক্ষী ৷ অসম আৰক্ষীয়ে শেহতীয়াকৈ চলোৱা অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছিল বুজন পৰিমানৰ ড্ৰাগছ ৷ বৰ্তমান সময়ত সমগ্ৰ অসমতে জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ সাংসদ কুইন ওজাই শুভাৰম্ভ কৰিলে সেউজ গুৱাহাটী প্ৰকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.