ETV Bharat / state

ধুবুৰী পৰা বাংলাদেশলৈ ড্ৰাগছৰ চোৰাং বেহা!

অভিযানত ধুবুৰীৰ এঘাৰ নম্বৰ ৱাৰ্ডৰ নিৰ্মল বাঢ়ৈ আৰু নাৰায়ণ দাসৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আঠ কাৰ্টন ড্ৰাগছ জাতীয় কফ চিৰাপ আৰু টেবলেট । মুঠ প্ৰায় ছয় শতাধিক বটল কফ চিৰাপ আছিল আঠটা কাৰ্টনত

ধুবুৰী পৰা বাংলাদেশলৈ ড্ৰাগছৰ চোৰাং বেহা!
author img

By

Published : Sep 27, 2019, 11:09 PM IST

ধুবুৰী, 27 চেপ্তেম্বৰঃ দুৰ্গাপূজাৰ প্ৰাকক্ষণত ধুবুৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী সহ জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী ।

ভাৰত বাংলা সীমান্তৰ ধুবুৰীত দীর্ঘ দিনে চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। পশ্চিম বংগৰ পৰা অসমলৈ প্ৰতিদিনে সৰবৰাহ হৈ আছে বিভিন্ন কোম্পানীৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় সামগ্ৰী। তথ্য অনুসৰি, পশ্চিম বংগৰ পৰা ধুবুৰীলৈ নি ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ ড্ৰাগছৰ চোৰাং চালান দি আহিছে একাংশ ব্যৱসায়ীয়ে । এক গোপন খবৰৰ ভিত্তিতে আৰক্ষীয়ে শুকুৰবাৰে পুনৰ অভিযান চলায় জব্দ কৰে নিচা জাতীয় সামগ্ৰীখিনি । অভিযানত ধুবুৰীৰ এঘাৰ নম্বৰ ৱাৰ্ডৰ নিৰ্মল বাঢ়ৈ আৰু নাৰায়ণ দাসৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আঠ কাৰ্টন ড্ৰাগছ জাতীয় কফ চিৰাপ আৰু টেবলেট । মুঠ প্ৰায় ছয় শতাধিক বটল কফ চিৰাপ আছিল আঠটা কাৰ্টনত । ইপিনে এই ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত নিৰ্মল বাঢ়ৈ আৰু নাৰায়ণ দাসক ধুবুৰী আৰক্ষীয়ে আটক কৰি আৰম্ভ কৰিছে তদন্ত ।

ধুবুৰী পৰা বাংলাদেশলৈ ড্ৰাগছৰ চোৰাং বেহা!

উল্লেখযোগ্য যে, দূৰ্গা পূজাৰ প্ৰাকক্ষণত যাতে ড্ৰাগছ সেৱন কৰি কোনো লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে ধুবুৰী আৰক্ষীয়ে । অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে মুখ খোলা নাই সংবাদ মাধ্যমতৰ সন্মুখত ।

Intro: দুৰ্গাপূজাৰ প্ৰাক ক্ষণত সষ্টম হৈ থকা ধুবুৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। দুজন ড্ৰাগছ সৰবৰাহকাৰী সহ জব্দ হল বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় ঔষধ।

Body:
ভাৰত বাংলা সীমান্তৰ ধুবুৰী জিলাত দীর্ঘ দিনে চলিছে ড্ৰাগছৰ ৰোমৰমীয়া বেহা। পশ্চিম বংগৰ পৰা অসমলৈ প্ৰতিদিনে সৰবৰাহ হৈ আছে বিভিন্ন কোম্পানীৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় ঔষধ। তথ্য মতে, পশ্চিম বংগৰ পৰা ধুবুৰীলৈ নি ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ ড্ৰাগছৰ চোৰাং চালান দি আহিছে একাংশ ব্যৱসায়ীয়ে। এনে এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে আজি পুণৰ চলায় এক অভিযান। অভিযানত ধুবুৰীৰ এঘাৰ নম্বৰ ৱাৰ্ডৰ নিৰ্মল বাঢ়ৈ আৰু নাৰায়ণ দাসৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আঠ কাৰ্টুন ড্ৰাগছ জাতীয় কফ চিৰাপ আৰু টেবলেট। মুঠ প্ৰায় ছয় শতাধিক বটল কফ চিৰাপ আছিল আঠটা কাৰ্টুনত।

ইপিনে এই ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত নিৰ্মল বাঢ়ৈ আৰু নাৰায়ণ দাসক ধুবুৰী আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, দূৰ্গা পূজাৰ প্ৰাক ক্ষণত যাতে ড্ৰাগছ সেৱন কৰি কোনো লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে ধুবুৰী আৰক্ষীয়ে।

Conclusion: অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে মুখ খোলা নাই সংবাদ মাধ্যমত। যদিওঁ তদন্ত আৰু জেৰাৰ অন্তত আৰক্ষীয়ে পশ্চিম বংগৰ পৰা ধুবুৰী হৈ বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত কেনে তথ্য লাভ কৰিবলৈ সক্ষম হয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.