ধুবুৰী, ১৭ জুনঃ মঙলবাৰে নিশা ধুবুৰী জিলাৰ গৌৰীপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ধুবুৰী আৰক্ষীয়ে । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতে ধুবুৰী আৰক্ষীয়ে গৌৰীপুৰৰ মধুশৌলমাৰী অঞ্চলৰ মোজাম্মেল হক ওৰফে ঘাটু নামৰ লোক জনৰ ঘৰত অভিযান চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।
অভিযানত আৰক্ষীয়ে ১০২ টা কফ চিৰাফ, ৩৮৪ টা Proxywe SPAS কেপচুলছ, ৩০ টা Nitrosun টেবলেট, ৬০০ টা WY (R7) টেবলেট সহ নগদ ২৪১৫ টকা জব্দ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত অভিযান চলাইছিল আৰক্ষীৰ এটা দলে । সম্প্ৰতি আৰক্ষীয়ে ধৃত মোজাম্মেল হকৰ পৰা অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।