ETV Bharat / state

ড্ৰাগছ সৰহবৰাহ কৰি গ্ৰেপ্তাৰ কৰি মাতৃ পুত্ৰ

author img

By

Published : Dec 1, 2020, 11:19 AM IST

ড্ৰাগছ সৰহবৰাহ কৰাৰ অভিযোগত চাপৰত মাতৃসহ দুই পুত্ৰ গ্ৰেপ্তাৰ ৷ চাপৰ আৰক্ষীৰ অভিযানত নিচাযুক্ত দ্ৰব্য তথা নগদ ধনসহ মাকৰ লগতে দুই পুত্ৰ গ্ৰেপ্তাৰ ৷ ড্ৰাগছ সমূহ বঙাইগাঁৱৰ পৰা সৰহবৰাহ হোৱাৰ অভিযোগ ৷

ড্ৰাগছ সৰহবৰাহ কৰি গ্ৰেপ্তাৰ কৰি মাতৃ পুত্ৰ
ড্ৰাগছ সৰহবৰাহ কৰি গ্ৰেপ্তাৰ কৰি মাতৃ পুত্ৰ

পূৱ বিলাসীপাৰা,1 ডিচেম্বৰ: পূৱ বিলাসীপাৰাত চাপৰ আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ মাতৃ পুত্ৰ গ্ৰেপ্তাৰ ৷ প্ৰায় 22 গ্ৰাম ড্ৰাগছ (ব্ৰাউন চুগাৰ) ৰ সৈতে চাপৰ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত মৰিয়ম বিবি আৰু তেওঁৰ দুই পুত্ৰ মজনুৰ আৰু মফাচ্ছেলক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীৰ অভিযানত উদ্ধাৰ হোৱা নিষিদ্ধ দ্ৰৱ্য

জানিব পৰা মতে সোমবাৰে মাজনিশা এক গোপন তথ্যৰ ওপৰত ভিত্তি কৰি বিলাসীপাৰাৰ মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমনি দাস আৰু চাপৰ আৰক্ষীয়ে পূৱ বিলাসীপাৰাৰ চাপৰৰ ৰৌমাৰী গাঁৱৰ মৰিয়ম বিবিৰ ঘৰত অভিযান চলাই নিষিদ্ধ দ্ৰব্যখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উক্ত অভিযানত প্ৰায় 22 গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ,চিৰিঞ্জ,সন্দেহযুক্ত টেবলেট আৰু নগদ 2670 টকা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

নিষিদ্ধ দ্ৰব্য সৰহবৰাহ কৰাৰ অভিযোগতেই আৰক্ষীয়ে মৰিয়ম বিবি আৰু তেওঁৰ দুই পুত্ৰ মফাচ্ছেল হক,মজনুৰ হকক গ্ৰেপ্তাৰ কৰে ৷ বঙাইগাঁৱৰ পৰা গেদা নামৰ এগৰাকী ব্যক্তিৰ পৰা উক্ত ড্ৰাগছখিনি সৰহবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক:কলগাছিয়াত যৌতুক বিচাৰি পত্নীৰ ওপৰত অত্যাচাৰ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.