ধুবুৰী,21 নৱেম্বৰ: ধুবুৰী তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী পদাৰ্থ বিজ্ঞানৰ শিক্ষককে ৷ ধুবুৰী জিলাৰ বালাজানৰ ড৹ ফাইজুদ্দিন আহমেদ নামৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক গৰাকীয়ে পদাৰ্থ বিজ্ঞান বিষয়ত গৱেষণা কৰি ষাঠি খন উচ্চমানৰ গৱেষণা পত্ৰ বিশ্বৰ আন্তৰ্জাতিক আলোচনীত প্ৰকাশ কৰি বিশ্ব ৰেংকিংৰ শীৰ্ষ বৈজ্ঞানিকৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷

শিক্ষক গৰাকীয়ে জনোৱা মতে, তেওঁ ২০০৬ চনত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ২০০৭ চনত গুৱাহাটী কটন কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ২০১৬ চনত তাত্ত্বিক পদাৰ্থ বিজ্ঞানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে ৷

নিজৰ শিক্ষাৰ লগতে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষকতা কৰি আহিছিল ড৹ ফাইজুদ্দিন আহমেদে ৷ তাৰ মাজতে নিজৰ গৱেষণা চলাই নিয়াৰ লগতে ইতিমধ্যে ষাঠি খন গৱেষণা পত্ৰ আন্তৰ্জাতিক পৰ্যায়ৰ বিভিন্ন আলোচনীত প্ৰকাশ কৰি বিশ্বৰ ভিতৰতে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

এই খবৰ বিয়পি পৰাৰ লগে লগে বালাজানবাসী আনন্দিত হৈ পৰে ৷ শনিবাৰে বালাজান অঞ্চলৰ নাগৰিক সমাজে বালাজান এম ই মাদ্ৰাছাত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতিত গৱেষক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অনাগত দিনতো গৱেষণা অব্যাহত থাকিব বুলি ফাইজুদ্দিন আহমেদে সদৰি কৰে ৷
লগতে পঢ়ক: শিলচৰত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ প্ৰতিবাদকাৰী