ETV Bharat / state

সোপাধৰাৰ আতংক সমগ্ৰ ধুবুৰী - জিলা প্ৰশাসন

অন্ধ বিশ্বাসৰ প্ৰতি গুৰুত্ব নাৰাখি এখন সুস্থ সমাজ গঢ়াৰ বাবে সকলো ৰাইজকে আগবাঢ়ি আহিবলৈ আহ্বান ধুবুৰী আৰক্ষীৰ । অপপ্ৰচাৰ চলোৱা লোকৰ বিৰুদ্ধে কঠোৰ স্থিতি ধুবুৰী জিলা প্ৰশাসনৰ ।

সোপা ধৰাৰ আতংক সমগ্ৰ ধুবুৰী
author img

By

Published : Apr 25, 2019, 9:59 PM IST

ধুবুৰী,২৫ এপ্ৰিলঃ সমগ্ৰ ধুবুৰী জিলাতে এতিয়া বিয়পি পৰিছে সোপাধৰাৰ আতংক । জিলা খনৰ বিভিন্ন অঞ্চলত মহিলা সহ কেইবাজনো নিৰপৰাধী লোকক আটক কৰি অন্যায় ভাবে মাৰপিট কৰে একাংশ ৰাইজে । এনে অন্ধ বিশ্বাসৰ অপপ্ৰচাৰৰ পিছত ৰাইজক অন্ধ বিশ্বাসক বিশ্বাস নকৰিবলৈ আৰক্ষীৰ ফালৰ পৰা বাৰম্বাৰ আহ্বান জনোৱাৰ সময়তে পুনৰ ধুবুৰী চহৰত অনুৰূপ ঘটনা সংঘটিত হয় । এজন সুৰাসক্ত যুৱকক সোপাধৰা বুলি প্ৰহাৰ কৰে ধুবুৰীৰ একাংশ অন্ধবিশ্বাসী লোকে । উল্লেখ্য যে, এন এছ ইউ আইৰ সদস্যৰ তৎপৰতাত কথমপি ৰক্ষা পৰে যুৱকজন । লগে লগে ন এছ ইউ আইৰ সদস্য কেইজনে উক্ত ঘটনাটি অৱগত কৰে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই এনে অপপ্ৰচাৰ বিয়পাই থকা লোকৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী কঠোৰ হোৱাৰ লগতে আৰক্ষীৰ তৰফৰ পৰা পঞ্জীয়ন কৰিছে এটা গোচৰ । ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ৯ জন লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰে ধুবুৰী আৰক্ষীয়ে । ইপিনে জিলাৰ সকলো ৰাইজক এনে অন্ধ বিশ্বাসৰ প্ৰতি গুৰুত্ব নাৰাখি এখন সুস্থ সমাজ গঢ়াৰ বাবে সকলো ৰাইজকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে ধুবুৰী আৰক্ষীয়ে ।

সোপা ধৰাৰ আতংক সমগ্ৰ ধুবুৰী

অধিক জানিবলৈ -মুখ্যমন্ত্ৰীৰ গৃহচহৰত আক্ৰমণৰ সন্মুখীন

Intro: ধুবুৰী আৰক্ষীৰ বিশেষ আহ্বান। অন্ধ বিশ্বাসত ভোল নাযাব। উৰা বাতৰিত কান নিদিব। ধুবুৰী জিলাৰ সমূহ ৰাইজলৈ এইদৰে বিনম্ৰ আহ্বান জনাইছে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে।

Body: হয়, অন্ধ বিশ্বাসৰ পৰা আঁতৰত থাকি এখন সুস্থ সমাজ গঢ়াত সহযোগ কৰাৰ বাবে ধুবুৰী জিলাৰ সকলো ৰাইজলৈ ধুবুৰী আৰক্ষীৰ বিশেষ আহ্বান। দৰাচলতে, যোৱা কেইদিনৰ পৰা ধুবুৰী জিলাত বিয়পি পৰিছে সোপা ধৰাৰ আতংক। যোৱা দুদিনত চচিয়েল মেডিয়াত সোপা ধৰাৰ অপপ্ৰচাৰ চলি থকাৰ ফলত জিলা খনৰ বিভিন্ন অঞ্চলত মহিলা সহ কেইবাজনো নিৰপৰাধী লোকক আটক কৰি অন্যায় ভাবে মাৰপিট কৰে। যদিওঁ একাংশ সচেতন লোকৰ সহযোগত ধুবুৰী আৰক্ষীয়ে তৎপতাৰে ভুক্তভোগী লোক সকলক উদ্ধাৰ কৰাৰ বিপৰীতে ঘটনাৰ সৈতে জড়িত থকা ৯ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছে। এনে অন্ধ বিশ্বাসৰ অপপ্ৰচাৰৰ পিছত ৰাইজক এনে অন্ধ বিশ্বাসক বিশ্বাস নকৰিবলৈ আৰক্ষীৰ ফালৰ পৰা বাৰম্বাৰ আহ্বান জনোৱাৰ সময়তে আজি ধুবুৰী চহৰত পুনৰ অনুৰূপ ঘটনা সংঘটিত হয়।
দৰাচলতে নাম উল্লেখ কৰিব নিবিচাৰা এইজন যুৱক প্ৰকৃততে এজন সুৰাপায়ী। সুৰাপান কৰি থকা অৱস্থাত অজ্ঞাত এগৰাকী মহিলাৰ কথা মতেই এইজন সুৰাপায়ী যুৱকক একাংশ লোকে আক্ৰমণ কৰে। এনে সময়তে এন এছ ইউ আইৰ এই সকলক যুৱকৰ তৎপৰতাত ৰক্ষা পৰে যুৱকজন। লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱক জনক উদ্ধাৰ কৰে যদিওঁ অভিযোগকাৰী মহিলা গৰাকী ঘটনাস্থলী ত্যাগ কৰে। পাছত ধুবুৰী আৰক্ষীয়ে এইজন সুৰাপায়ী যুৱকক সোধাপচা কৰাৰ পিছত প্ৰকৃততে এইজন সুৰাপায়ী হোৱাৰ বাবেই এই ঘটনা হৈছে বুলি ধাৰণা কৰা হৈছে।
ইপিনে এন এছ ইউ আইৰ যুৱক সকলে দাবী কৰা মতে এয়া কোনো সোপা ধৰা নহয়। একাংশ লোকে অন্ধ বিশ্বাসৰ কৱলত পৰি এনে সহজ সৰল সাধাৰণ লোকক সন্দেহজনক ভাবে সোপা ধৰা বুলি নিৰ্যাতন চলাই আহিছে বুলি কৈ কোনো অচিনাকি লোকৰ প্ৰতি সন্দেহ হলে স্থানীয় আৰক্ষীক খবৰ দিয়াৰ বাবে আহ্বান জনাইছে।

আনহাতে এই ঘটনাৰ পিছত ইয়াৰ আঁৰত আন কোনো শক্তি জড়িত আছে নেকি বুলি প্ৰশ্ন কৰাত অস্বীকাৰ কৰি এয়া অন্ধ বিশ্বাস বুলি উল্লেখ কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই। লগতে এনে অপপ্ৰচাৰ বিয়পাই থকা সকলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে কঠোৰ হোৱাৰ বিপৰীতে এখন গোচৰ পঞ্জীয়ন কৰি এই ঘটনাৰ সৈতে জড়িত থকা সকলৰ ভিতৰত ইতিমধ্যে ৯ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰে ধুবুৰী আৰক্ষীয়ে। ইপিনে জিলাৰ সকলো ৰাইজক এনে অন্ধ বিশ্বাসৰ প্ৰতি কান নিদিযাৰ বিপৰীতে অপপ্ৰচাৰ নকৰি এখন সুস্থ সমাজ গঢ়াৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে ধুবুৰী আৰক্ষীয়ে।

Conclusion: ধুবুৰী আৰক্ষীৰ লগতে এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অন্ধ বিশ্বাসক পাহৰি আৰক্ষীক সহযোগ কৰাৰ বাবে আমি ইটিভি ভাৰতৰ ফালৰ পৰাও আহ্বান জনাইছোঁ ধুবুৰীৰ সকলো ৰাইজক। যাতে দেশ কঁপাই যোৱা কাৰ্বি আলংৰ ঘটনাৰ পুনৰাবৃত্তি নহয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.