ETV Bharat / state

Child Marriage in Dhubri: বাল্যবিবাহৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা তিনিজনৰ জামিন মঞ্জুৰ

author img

By

Published : Feb 14, 2023, 3:37 PM IST

চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । বাল্যবিবাহত সোমোৱা লোকৰ বিৰুদ্ধে বাল্যবিবাহ বিৰোধী আইন আৰু POCSO আইনৰ আধাৰত গোচৰ ৰজু কৰি ইতিমধ্যে সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে (Drive against child marriage Assam) ৷ ইয়াৰ মাজতেই বিলাসীপাৰাত আদালতে জামিনত মুকলি কৰি দিয়ে তিনি অভিযুক্তক ।

Etv BharatCourt granted bail to youth in Bilashipara
বাল্য বিবাহৰ অভিযোগত জেললৈ প্ৰেৰণ

বাল্য বিবাহৰ অভিযোগত জেললৈ প্ৰেৰণ

বিলাসীপাৰা, ১৪ ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ বিলাসীপাৰাত বাল্যবিবাহ অভিযানৰ সময়ত এগৰাকী স্কুলীয়া ছাত্ৰীক বিয়া কৰোৱাৰ অভিযোগত যোৱা ৪ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল বাদশ্বাহ আলী নামৰ এজন যুৱক । বাল্যবিবাহৰ অভিযোগত এই যুৱকজনৰ লগতে জেলহাজতলৈ প্ৰেৰণ কৰা আন দুজন যুৱকক আদালতে সোমবাৰে জামিন মঞ্জুৰ কৰিছে (Court granted bail to youth in Bilashipara) । আদালতে কালি ফালু শ্বেখ, বাদশ্বাহ আলী আৰু জমছেৰ আলীৰ জামিন মঞ্জুৰ কৰে ।

উল্লেখ্য় যে, বাদশ্বাহ আলী নামৰ অবিবাহিত যুৱকজন বাল্যবিবাহৰ সৈতে কোনো প্ৰকাৰে জড়িত নথকাৰ পিচতো যোৱা ৪ ফেব্ৰুৱাৰীত চাপৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Allegation of child marriage against youth)। ইয়াৰ পিচত ৫ ফেব্ৰুৱাৰীত বাল্যবিবাহ প্ৰতিৰোধ আইনৰ লগতে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনত (POCSO) 69/2023 নম্বৰত এক গোচৰ ৰুজু কৰি চাপৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেলহাজত লৈ প্ৰেৰণ কৰিছিল ।

এনে ঘটনাৰ পিচত যুৱকজনৰ পৰিয়ালৰ লোকে চাপৰ থানাৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰি আদালতৰ দ্বাৰস্থ হয় । কালি আদালতত এই যুৱকজনৰ হৈ বিলাসীপাৰা উকীল সন্থাৰ সভাপতি তথা জেষ্ঠ অধিবক্তা আব্দুল মান্নানৰ লগতে শ্বেখ আব্দুছ ছামাদ আৰু অধিবক্তা ৰফিকুল ইছলামে যুক্ত দৰ্শায় । পিচত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে বিলাসীপাৰা আৰু সাপটগ্ৰাম আৰক্ষীয়েও কৰিছিল একেই ভুল । বিলাসীপাৰা আৰু সাপটগ্ৰাম আৰক্ষীয়ে যোৱা ৪ ফেব্ৰুৱাৰীত বাল্য়বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ফালু শ্বেখ আৰু জমছেৰ আলীক । এই দুয়োজন যুৱককে আদালতে কালি জামিনত মুকলি কৰি দিয়ে । আৰক্ষীৰ ভুলৰ বাবে আদালতে তিনিজন যুৱকক জামিন দি আৰক্ষীক ভর্ৎসনা কৰে । আৰক্ষী অধীক্ষৰ জৰিয়তে আৰক্ষীক সতৰ্কবাণী প্ৰেৰণ কৰিছে আদালতে । ইয়াৰ পিচতে বিলাসীপাৰা উকীল সন্থাৰ সভাপতি তথা জেষ্ঠ অধিবক্তা আব্দুল মান্নানে কয়, "আৰক্ষীয়ে আইনৰ বিষয়ে পঢ়ক, আইন অধ্যয়ন কৰক । আইনৰ বিষয়ে নজনাকৈ জধে-মধে ভুল ধাৰা প্ৰয়োগ কৰি সাধাৰণ মানুহক গ্ৰেপ্তাৰ কৰিব নালাগে ।"

সামাজিক ব্যাধি স্বৰূপ বাল্যবিবাহে সমাজত সমাধান কৰিব নোৱাৰাকৈ সমস্যা সৃষ্টি কৰি আহিছে । বাল্যবিবাহৰ বলি হোৱা কন্যাগৰাকীৰ বাবেই কেৱল ই বিপজ্জনক নহয়, সমান্তৰালভাৱে এখন সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰটো ই প্ৰাচীৰ হৈ থিয় দিয়ে (Child marriage in Assam) ৷ সেয়েহে বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ ।

লগতে পঢ়ক:Air pollution in Guwahati: বায়ু প্ৰদূষণ ৰোধৰ বাবে কি পৰামৰ্শ দিলে পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.