ধুবুৰী, 11 জুন: 28 মে’ৰ পৰা 9 জুনলৈ সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো আৰম্ভ হয় বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক । পীৰামল ফাউণ্ডেচনৰ সহযোগত এই ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক আৰম্ভ কৰা হয় ধুবুৰী নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৷ ডায়েৰীয়া নিয়ন্ত্ৰণ অভিযান জৰিয়তে সাধাৰণ লোকসকলৰ মাজত সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰে চিকিৎসক কৰ্মীসকলে ৷

ইয়াৰোপৰিও, জিলাখনৰ প্ৰত্যেকখন গাঁৱৰে 5বছৰৰ অনুৰ্ধৰ শিশু থকা পৰিয়াল সমূহত ORS বিতৰণ কৰাৰ উপৰিও, অঙ্গনৱাড়ী কেন্দ্ৰসমূহত শিক্ষাৰ্থী তথা শিশুসকলৰ মাজত শৌচাগাৰ ব্যৱহাৰ, স্বচ্ছতা আৰু শুদ্ধ পদ্ধতিৰে হাত ধোৱাৰ পদ্ধতি সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে আশা কৰ্মীসকলে ৷ এই ডায়েৰীয়া নিয়ন্ত্ৰণ পষেকৰ জৰিয়তে 3 লাখ 11 হাজাৰ 180 গৰাকী 5বছৰৰ অনুৰ্ধৰ শিশুক ORS বিতৰণ কৰা হয় ৷
উল্লেখ্য যে, ধুবুৰীৰ লগতে, দক্ষিণ শালমাৰা স্বাস্থ্যখণ্ডৰ অধীনত অতি দুৰ্গম অঞ্চলসমূহত গৈ পিৰামল ফাউণ্ডেচনৰ দক্ষিণ শালমাৰা বিটিঅ ছিৰাজুল ইছলামে ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্য্যসূচীৰ ৰূপায়ণ কৰে ৷ নতুনকৈ সন্তান লাভ কৰা মাতৃসকলকো বিশেষভাৱে ডায়েৰীয়া প্ৰতিৰোধৰ সন্দৰ্ভত সজাগতা প্ৰদান কৰে জিলাখনৰ চিকিৎসাকৰ্মীসকলে ৷