ETV Bharat / state

গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে কঠোৰ ধুবুৰী আৰক্ষী

author img

By

Published : Oct 9, 2020, 2:24 PM IST

উল্লেখ্য বিগত দিনকেইটাত গো-মাফিয়া চক্ৰৰ সৈতে জড়িত বহুকেইজন ব্যক্তি আটক হোৱাৰ পাছতে অভিযান অধিক তীব্ৰতৰ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ আটকাধীন কেইজনৰ পৰা অধিক তথ্য উদঘাটনৰ বাবে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Dhuburi police taking serious action against cow smuggler
গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে কঠোৰ ধুবুৰী আৰক্ষী

ধুবুৰী, 9 অক্টোবৰ: ভাৰত বাংলা সীমান্তইদি কেৱল গৰুৰ চোৰাং কাৰবাৰেই নহয় ৷ সীমান্ত পথেদি অব্যাহত আছে দেশৰ প্ৰতি ভাবুকি অনাৰ দৰে আন বহু অপৰাধজনিত কাৰবাৰ ৷ সম্প্ৰতি গৰুৰ চোৰাং ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ হৈ পৰা ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই প্ৰকাশ কৰিছে এই কথা ৷ লগতে এই দুষ্ট চক্ৰ সমুহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ উল্লেখ্য বিগত দিনকেইটাত গো-মাফিয়া চক্ৰৰ সৈতে জড়িত বহুকেইজন ব্যক্তি আটক হোৱাৰ পাছতে অভিযান অধিক তীব্ৰতৰ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ আটকাধীন কেইজনৰ পৰা অধিক তথ্য উদঘাটনৰ বাবে বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইপিনে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সদৰি কৰা অনুসৰি, বাংলাদেশলৈ চালান দিয়া গৰুৰ মূল্যৰ বৃহৎ পৰিমাণৰ টকা সম্পূৰ্ণ অবৈধ ভাৱে হাৱালাৰ জৰিয়তে লেন দেন কৰা হয় ৷ যি দেশৰ প্ৰতি চৰম ভাবুকি তেনে আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰত জড়িত হৈ থকা চোৰাং ব্যৱসায়ীয়ে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন অপৰাধজনিত কাৰবাৰ তথা দেশ বিৰোধী চক্ৰৰ সৈতে জড়িত হৈ ব্যৱসায় অব্যাহত ৰাখিছে ৷

উল্লেখনীয় যে, বুধবাৰে ধুবুৰী আৰক্ষীক মেনেজ কৰিবলৈ গৈ ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত ঘূৰি ফুৰা থকা অৱস্থাতে গ্ৰেপ্তাৰ হয় কুখ্যাত গো মাফিয়া চণ্ডীৰ ভাতৃ মিৰাজ আহমেদ ৷ তাৰ পিছতেই ধুবুৰী আৰক্ষীয়ে ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰে মফিজুল হক, আব্দুল কাদেৰ জিলানী ওৰফে ৰেহমান নামৰ আন দুজনক ৷ আনহাতে এদিন পূৰ্বে গো মাফিয়া আদম আলীৰ ভাতৃ ছাদ্দাম আলীকো গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে ৷ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সদৰি কৰা মতে, ধৃত মিৰাজ আহমেদ গৰুৰ চোৰাং ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড চণ্ডী ওৰফে চৰফৰাজৰ ভাতৃ আৰু আনহাতে আন এজন হৈছে কুখ্যাত গো-মাফিয়া আদম আলীৰ ভাতৃ ছাদ্দাম আলী৷ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে জনাইছে যে, যোৱা কিছু দিনৰ পৰা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ স্থলপথেৰে কিছু হ্ৰাস পাইছে যদিও নদীপথেৰে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ অব্যাহত আছে ৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি দীৰ্ঘ দিনে গো মাফিয়া ছিণ্ডিকেট চক্ৰই চলাই গৈছে ভয়াৱহ চোৰাং কাৰবাৰ ৷

লগতে পঢ়কঃ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত প্ৰায় ২ কিলোগ্ৰাম হিৰ'ইন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.