ধুবুৰী, 9 জানুৱাৰী : ৰাজ্যত পুনৰ অসম আৰক্ষীৰ গুলীচালনাৰ ঘটনা । এইবাৰ ধুবুৰীত গো তথা ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ধুবুৰী আৰক্ষীৰ গুলীচালনা (Dhuburi police shot drug mafia)। দীৰ্ঘদিন ধৰি গৰু সৰবৰাহ তথা ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত অভিযুক্ত চহিদুৰ ৰহমানলৈ ধুবুৰী আৰক্ষীয়ে চলালে গুলী । ধুবুৰী সদৰ আৰক্ষী থানাত সহিদুৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৯২৯/২১ নম্বৰত ৩৭৯/৪১১ ধাৰা আৰু R/W 13 , R/W 22(C) NDPS ধাৰাত ৰুজু হৈ আছিল গোচৰ ।
নিশা চহিদুৰক গ্ৰেপ্তাৰৰ পিছতেই তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় ধুবুৰীৰ ঝগৰাৰ পাৰ অঞ্চলত । মাফিয়া চহিদুৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ লুকুৱাই ৰখাৰ তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে । উন্মুক্ত ভাৰত-বাংলা সীমান্তৰে গৰুৰ চোৰাং সৰবৰাহৰ (Cattle smuggling in Indo Bangladesh border) গোপন ক’ৰিডৰৰ তথ্যও লাভ কৰিলে আৰক্ষীয়ে । সীমান্তৰ গোপন কৰিডৰ আৰু ড্ৰাগছৰ স্বীকাৰোক্তি আৰক্ষীক দিছিল মাফিয়া চহিদুৰে ।
ড্ৰাগছ তথা গৰুৰ চোৰাং কাৰবাৰৰ এই তথ্য লাভৰ পিছতেই আৰক্ষীয়ে চলাইছিল অভিযান (Dhuburi police mission against drugs) ।
অভিযানৰ সময়তে মাজ নিশা আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা চলায় মাফিয়া চহিদুৰে । উপায়ন্তৰ হৈ ধুবুৰী আৰক্ষীয়ে গুলীচালনা কৰে । ফলত ভৰিত গুলিবিদ্ধ হয় মাফিয়া চহিদুৰ । গুলীবিদ্ধ অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত অভিযুক্তক ভৰ্তি কৰায় আৰক্ষীয়ে । ইপিনে মাফিয়া চহিদুৰৰ আক্ৰমণত এজন আৰক্ষীৰ কনিষ্টবলো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । এতিয়া আৰু কোন কোন গো-মাফিয়া তথা ড্ৰাগছ মাফিয়া ধুবুৰী আৰক্ষীৰ জালত পৰিব সেয়া হ’ব অনাগত সময়ৰ লক্ষণীয় বিষয় ।
লগতে পঢ়ক : Drugs dealer arrested at Nagaon : জুকাটিবাসীক কি আহ্বান জনালে আনন্দ মিশ্ৰই ?