ধুবুৰী,২০জুলাই : ৰাজ্যত বানৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ধুবুৰীত সংঘটিত হয় এক অঘটন । ধুবুৰীৰ পানবাৰীত সন্ধানহীন হয় এজন দশম শ্ৰেণীৰ ছাত্ৰ । দিনৰ প্ৰায় ডেৰ মান বজাত আলমগঞ্জ অষ্টম খণ্ড গাঁৱৰ আব্দুল মোতালেবৰ পুত্ৰ জুৱেৰ হুছেইন ওৰফে ৰুহুল আমিন নামৰ এজন যুৱক গৈছিল টিপকাই নৈত গা ধুবলৈ । কিন্তু গা ধুই থাকোতেই হঠাৎ সন্ধানহীন হয় কিশোৰটি । ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে জিলা প্ৰশাসনক খবৰ দিয়ে যদিও এন.ডি.আৰ.এফ.বাহিনী তথা এছ.ডি.আৰ.এফ. বাহিনীয়ে বৰ্তমানলৈ আৰম্ভ কৰা নাই উদ্ধাৰ অভিযান । যাৰ বাবে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ।
ধুবুৰীত সন্ধানহীন দশম শ্ৰেণীৰ ছাত্ৰ - এছ.ডি.আৰ.এফ. বাহিনী
টিপকাই নৈত গা ধুবলৈ গৈ ধুবুৰীৰ জুৱেৰ হুছেইন ওৰফে ৰুহুল আমিন নামৰ এজন যুৱক সন্ধানহীন হয় । এন.ডি.আৰ.এফ.বাহিনী তথা এছ.ডি.আৰ.এফ. বাহিনীয়ে বৰ্তমানলৈ আৰম্ভ কৰা নাই উদ্ধাৰ অভিযান ।
ধুবুৰী,২০জুলাই : ৰাজ্যত বানৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ধুবুৰীত সংঘটিত হয় এক অঘটন । ধুবুৰীৰ পানবাৰীত সন্ধানহীন হয় এজন দশম শ্ৰেণীৰ ছাত্ৰ । দিনৰ প্ৰায় ডেৰ মান বজাত আলমগঞ্জ অষ্টম খণ্ড গাঁৱৰ আব্দুল মোতালেবৰ পুত্ৰ জুৱেৰ হুছেইন ওৰফে ৰুহুল আমিন নামৰ এজন যুৱক গৈছিল টিপকাই নৈত গা ধুবলৈ । কিন্তু গা ধুই থাকোতেই হঠাৎ সন্ধানহীন হয় কিশোৰটি । ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে জিলা প্ৰশাসনক খবৰ দিয়ে যদিও এন.ডি.আৰ.এফ.বাহিনী তথা এছ.ডি.আৰ.এফ. বাহিনীয়ে বৰ্তমানলৈ আৰম্ভ কৰা নাই উদ্ধাৰ অভিযান । যাৰ বাবে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ।
বানপানীৰ মাজতে ধুবুৰীৰ পাণবাৰীত অঘটন। নৈৰ বাঢ়নি পানীত গা ধুবলৈ গৈ সন্ধানহীন এজন দশম মান শ্ৰেণীৰ ছাত্ৰ। উল্লেখযোগ্য যে, দিনৰ প্ৰায় ডেৰ মান বজাত আলমগঞ্জ অষ্টম খণ্ড গাঁওৰ আব্দুল মোতালেবৰ পুত্ৰ জুৱেৰ হুছেইন ওৰফে ৰুহুল আমিন (১৫) নামৰ ছাত্ৰ জনে পানবাৰীৰ কাষেৰে বৈ যোৱা টিপকাই নৈত গা ধুবলৈ যায়। কিন্তু গা ধুই থাকোতেই হঠাৎ সন্ধনহীন হৈ পৰে কিশোৰ গৰাকী। ইপিনে ঘটনা সন্দৰ্ভদ স্থানীয় ৰাইজে জিলা প্ৰশাসনক খবৰ দিছে যদিওঁ এন ডি আৰ এফ বাহিনী তথা এছ ডি আৰ এফ বাহিনী উদ্ধাৰ কাৰ্য্য আৰম্ভ কৰা নাই বুলি জানিব পৰা গৈছে। Conclusion:দশমমান শ্ৰেণীত অধ্যয়নৰত ৰুহুল আমিন সন্ধানহীন হৈ পৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।