ধুবুৰী,18 ফেব্ৰুৱাৰী: ১৮ জানুৱাৰীত মানকাচৰ থানাৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত চোমৰাশালীত ষোল্ল বছৰীয়া মানসিক বিকাৰগ্ৰস্থ কিশোৰীক কেইজনমানে যুৱকে ধৰ্ষণ কৰি ঘটনাটো ম'ৱাইলত ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত ১২ ফেব্ৰুৱাৰীত ভুক্তভোগীৰ পৰিয়ালে মানকাচৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । সেই মৰ্মে মানকাচৰ থানাত আৰক্ষীয়ে 116/2020 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 143/ 376(D)/ 506/ আৰু 67RW (IT) আইনৰ ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক বিজয় কুলিগ্ৰাম, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওজা আৰু ডি এছ পি আৰিফ আহমেদৰ তৎপৰতাত মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত মঙলবাৰে মানকাচৰ থানাৰ এলেকাৰ বিভিন্ন ঠাইৰ পৰা সাতজনকৈ ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন অভিযুক্ত ধৰ্ষণকাৰী কেইজনক বুধবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়াৰ লগতে তদন্ত প্ৰক্ৰিয়া চলাই আছে বুলি জানিবলৈ দিয়ে দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষীয়ে ।
লগতে পঢ়ক:কাছাৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰলৈ 'দুৰ্নীতি পুৰষ্কাৰ'