ধুবুৰী,12মাৰ্চ: ধুবুৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আয়োজন কৰে এক বিশেষ কাৰ্যসূচীৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ৷ যাৰ বাবে বৃহস্পতিবাৰে জিলাখনৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে-হাতে বেনাৰ, প্লেকাৰ্ড লৈ এক বাইক ৰেলি উলিয়াই ৷ মহাবিদ্যালয়ৰ বহুকেইজন প্ৰবক্তাৰ নেতৃত্বত উলিওৱা হয় এই বাইক ৰেলি৷ইয়াৰোপৰি, ধুবুৰীৰ দুখনকৈ পেট্ৰল পাম্পত মদ্যপান কৰা চালক বা ট্ৰেফিক আইন অমান্য কৰা চালকসকলক লৈ বাটৰ নাট কাৰ্যসূচীৰো আয়োজন কৰি ৰাইজৰ মাজত এক সজাগতা অনাৰ প্ৰয়াস কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷
অন্য এক খবৰৰ বাবে:নিৰ্মাণৰ এদিন পিছতেই খহিল ৰঙিয়া-কাউৰবাহা পথ